NORTHEAST NOW (Assamese)
Popular Stories

শিশুৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰাৰ অভিযোগ: আদালতৰ কাঠগৰাত মেটা আৰু ইউটিউব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 10, 2026 12:08 pm

বিশ্বৰ আগশাৰীৰ ছচিয়েল মিডিয়া কোম্পানীসমূহ এইবেলি কেইবাটাও গুৰুতৰ আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰে এক গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি সোমবাৰৰ পৰা লছ এঞ্জেলছ কাউণ্টি সুপিৰিয়ৰ ক’ৰ্টত আৰম্ভ হৈছে। ইনষ্টাগ্ৰামৰ মাতৃ কোম্পানী ‘মেটা’ আৰু গুগলৰ মালিকানাধীন ‘ইউটিউব’ৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে জানি-বুজি নিজৰ প্লেটফৰ্মসমূহক শিশুৰ বাবে আসক্তিকাৰী কৰি তুলিছে, যিয়ে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ অপূৰণীয় ক্ষতি কৰিছে।

“শিশুৰ মগজুক আসক্ত কৰাৰ কৌশল” বাদী পক্ষৰ অধিবক্তা মাৰ্ক লেনিষ্টৰে আদালতত দিয়া প্ৰাৰম্ভিক বক্তব্যত এই সমগ্ৰ গোচৰটোক অতি সৰলভাৱে ‘ABC’ বুলি অভিহিত কৰে, যাৰ সম্পূৰ্ণ অৰ্থ হৈছে ‘Addicting the Brains of Children’ অৰ্থাৎ শিশুৰ মগজুক আসক্ত কৰা। তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মেটা আৰু গুগলৰ দৰে বৃহৎ প্ৰতিষ্ঠানসমূহে কেৱল অৰ্থনৈতিক মুনাফা লাভৰ উদ্দেশ্যে নিজৰ প্লেটফৰ্মসমূহক এনেদৰে তৈয়াৰ কৰিছে, যাতে শিশু আৰু কিশোৰ-কিশোৰীসকল ইয়াৰ প্ৰতি সহজে আকৃষ্ট আৰু আসক্ত হৈ পৰে।

প্ৰমাণ স্বৰূপে তেওঁ মেটাৰ এক আভ্যন্তৰীণ অধ্যয়ন “Project Myst”ৰ উল্লেখ কৰি কয় যে, ১,০০০ কিশোৰ-কিশোৰী আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ ওপৰত চলোৱা এই সমীক্ষাত পোহৰলৈ আহিছিল যে মেটাই পূৰ্বৰে পৰা জানিছিল যে যিবোৰ শিশু মানসিক চাপ বা ট্ৰমাৰ মাজেৰে পাৰ হৈছে, তেওঁলোক ছচিয়েল মিডিয়াৰ প্ৰতি আসক্ত হোৱাৰ সম্ভাৱনা অধিক। আনকি পিতৃ-মাতৃৰ নিয়ন্ত্ৰণেও এই ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে বুলি কোম্পানীটোৱে জানিছিল।

এগৰাকী ২০ বছৰীয়া যুৱতীৰ সংগ্ৰাম উল্লেখ্য যে এই সমগ্ৰ আইনী যুঁজখনৰ কেন্দ্ৰবিন্দু হৈছে ‘KGM’ হিচাপে পৰিচিত এগৰাকী ২০ বছৰীয়া যুৱতী। অভিযোগ অনুসৰি, মাত্ৰ ৬ বছৰ বয়সতে ইউটিউব আৰু ৯ বছৰ বয়সতে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা এই যুৱতীগৰাকী পৰৱৰ্তী সময়ত তীব্ৰ মানসিক অৱসাদ আৰু আত্মহত্যাৰ প্ৰৱণতাৰ চিকাৰ হৈছিল। উল্লেখনীয় যে, এই গোচৰটোক এক ‘বেলেৱেদাৰ ট্ৰায়েল’ (Bellwether trial) বা আৰ্হিমূলক পৰীক্ষামূলক গোচৰ হিচাপে গণ্য কৰা হৈছে। এই গোচৰৰ ৰায়দানৰ ওপৰতে ভৱিষ্যতে ছচিয়েল মিডিয়া কোম্পানীসমূহৰ বিৰুদ্ধে ৰুজু হোৱা হাজাৰ হাজাৰ অনুৰূপ গোচৰৰ ফলাফল নিৰ্ভৰ কৰিব।

মেটাৰ প্ৰত্যাহ্বান ইফালে মেটাৰ অধিবক্তা পল শ্চমিডে এই অভিযোগসমূহৰ বিৰোধিতা কৰি কয় যে বৈজ্ঞানিক মহলত ‘ছচিয়েল মিডিয়া আসক্তি’ৰ ধাৰণাটোক লৈ আজিও মতভেদ আছে। তেওঁ দাবী কৰে যে যুৱতীগৰাকীৰ মানসিক স্বাস্থ্যৰ সমস্যাৰ বাবে ছচিয়েল মিডিয়া নহয়, বৰঞ্চ তেওঁৰ শৈশৱৰ ঘৰুৱা বিবাদ, বুলিং আৰু ব্যক্তিগত সম্পৰ্কৰ অৱনতিহে দায়ী। তেওঁ জুৰীসকলক এইটো বিচাৰ কৰিবলৈ অনুৰোধ জনায় যে ছচিয়েল মিডিয়া সঁচাকৈয়ে যুৱতীগৰাকীৰ সমস্যাৰ মূল কাৰণ আছিল নেকি।

বিশ্বজুৰি নতুন আইনৰ প্ৰস্তুতি এই বিতৰ্কৰ মাজতে বিশ্বৰ বিভিন্ন দেশে শিশুৰ বাবে ছচিয়েল মিডিয়াৰ ব্যৱহাৰ সীমিত কৰিবলৈ নতুন আইন প্ৰণয়ন কৰিছে। ফ্ৰান্সত ১৫ বছৰৰ তলৰ শিশুৰ বাবে ছচিয়েল মিডিয়া নিষিদ্ধ কৰাৰ বিধেয়ক পাছ কৰা হৈছে, অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশুৰ বাবে প্লেটফৰ্মসমূহৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে আৰু ভাৰতৰ অন্ধ্ৰপ্ৰদেশ তথা গোৱাৰ দৰে ৰাজ্যইও ১৬ বছৰৰ তলৰ শিশুৰ বাবে একেধৰণৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা বিবেচনা কৰিছে।