NORTHEAST NOW (Assamese)
Popular Stories

এম্বুলেন্সত ৰোগীক পেলাই থোৱাৰ অভিযোগ নস্যাৎ: স্পষ্টীকৰণ দিলে জিএমচিএইছৰ অধীক্ষকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2026 8:55 pm

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত  এজন ৰোগীক এম্বুলেন্সৰ ভিতৰতে কেইবাঘণ্টা ধৰি চিকিৎসা অবিহনে পেলাই থোৱা বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভত প্ৰতিষ্ঠানখনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে এক স্পষ্টীকৰণ দিছে।

অধীক্ষকগৰাকীয়ে জনোৱা মতে, প্ৰণৱ বৰা নামৰ ৰোগীজন পুৱা ৪:৪৯ বজাত জিএমচিএইছৰ ‘চিএন কেজুৱাল্টি’ত উপস্থিত হৈছিল। ঘৰত পৰি যোৱাৰ ফলত ‘কোৱাড্ৰিপেৰেচিছ’ (Quadriparesis) ৰোগত আক্ৰান্ত ৰোগীগৰাকীয়ে যোৱা ন দিন ধৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। তেজপুৰৰ পৰা নিশা ১০ বজাত ৰেফাৰ কৰাৰ পাছত তেওঁ পুৱতি নিশা ৪:৪৯ বজাত জিএমচিএইছত উপস্থিত হয়।

ডাঃ চৌধুৰীয়ে স্পষ্ট কৰিদিয়ে যে হাস্পতালত উপস্থিত হোৱাৰ লগে লগেই নিউৰ’ছাৰ্জাৰী বিভাগৰ চিকিৎসকসকলে ৰোগীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিছিল। কিন্তু সেই সময়ত সংশ্লিষ্ট ইউনিটত কোনো বিচনা খালী নাছিল। পৰৱৰ্তী সময়ত জিএমচিএইছৰ পুৰণি ভৱনৰ ৭ নং ইউনিটত এখন বিচনা খালী হোৱাত ৰোগীগৰাকীক তাত স্থানান্তৰ কৰা হয় আৰু ৩১ নং বিচনাত ভৰ্তি কৰোৱা হয়। স্পষ্টীকৰণ দি থকাৰ সময়ত ৰোগীগৰাকীৰ সহযোগী প্ৰাঞ্জল বৰাও তাত উপস্থিত আছিল বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

ৰোগীৰ আত্মীয় আৰু কৰ্তব্যৰত চিকিৎসকৰ মাজত হোৱা তৰ্কাতৰ্কিৰ সন্দৰ্ভত অধীক্ষকগৰাকীয়ে কয় যে এয়া কেৱল ভুল বুজাবুজিৰ বাবেহে হৈছিল। ৰোগীৰ সৈতে অহা নতুন একাংশ সহযোগীয়ে একেটা প্ৰশ্নকে বাৰে বাৰে সুধি থকাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও বৰ্তমান বিষয়টো সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰা হৈছে।

অধীক্ষকগৰাকীয়ে লগতে উল্লেখ কৰে যে জিএমচিএইছলৈ প্ৰতিদিনে বৃহৎ সংখ্যক ৰোগী আন চিকিৎসালয়ৰ পৰা প্ৰেৰণ কৰে। ৰোগীৰ এই অত্যধিক ভিৰৰ বাবে কেতিয়াবা লগে লগে বিচনা যোগাৰ কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰে।