NORTHEAST NOW (Assamese)
Popular Stories

মণিপুৰৰ আশ্ৰয়হীন লোকসকলৰ বাবে সুখবৰ: কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনালে ৫০০০ নতুন আৱাসগৃহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 24, 2026 3:14 pm

মণিপুৰত চলি থকা জাতিগত সংঘৰ্ষৰ ফলত গৃহহাৰা হোৱা হাজাৰ হাজাৰ লোকৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে ৫,০০০ টা নতুন ঘৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। সোমবাৰে সন্ধিয়া নতুন দিল্লীত মণিপুৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী য়ুমনাম খেমচান্দ সিঙৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত এই ঘৰসমূহ নিৰ্মাণ কৰা হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। যোৱা ২০২৩ চনৰ মে’ মাহৰ পৰা ইম্ফল উপত্যকাৰ মেইটেই আৰু পাহাৰীয়া অঞ্চলৰ কুকি-জো জনগোষ্ঠীৰ মাজত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে প্ৰায় ২৬০ জন লোকে প্ৰাণ হেৰুৱাইছে। এই সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ লোক নিজৰ ঘৰ-বাৰী এৰি সাহায্য শিবিৰত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। চলিত ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে মণিপুৰ চৰকাৰে এই স্থানচ্যুত লোকসকলৰ বাবে ৫,০০০ টা ঘৰ নিৰ্মাণৰ এক প্ৰস্তাৱ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী চৌহানে কেৱল গৃহ নিৰ্মাণৰ অনুমোদনেই নহয়, বৰঞ্চ মণিপুৰত শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। উল্লেখযোগ্য যে মণিপুৰ চৰকাৰে অহা ৩১ মাৰ্চৰ ভিতৰত প্ৰায় ১০,০০০ স্থানচ্যুত পৰিয়ালক পুনৰ সংস্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ৰাজ্যখনত প্ৰায় ১৬,৫০০ গৰাকী স্থানচ্যুত লোকক নিজৰ থকা ঠাইত সংস্থাপিত কৰা হৈছে। এই নতুন ৫,০০০ টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে আশ্ৰয়হীন হৈ থকা পৰিয়ালসমূহৰ বাবে এক ডাঙৰ সকাহ হ’ব বুলি আশা কৰা হৈছে।