NORTHEAST NOW (Assamese)
Popular Stories

আন নায়িকাৰ সৈতে পৰকীয়া! ২৭ বছৰীয়া বিবাহ ভাঙিছে ছুপাৰষ্টাৰ বিজয়ৰ? বিচ্ছেদৰ গোচৰ পত্নীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2026 8:42 am

দক্ষিণৰ চলচ্চিত্ৰ জগতৰ মেগাষ্টাৰ তথা ৰাজনৈতিক দল ‘তামিলগা ভেট্টী কাঝাগাম’ (টিভিকে)ৰ নেতা বিজয়ৰ ব্যক্তিগত জীৱনত ডাঙৰ বিপৰ্যয়। ৰূপালী পৰ্দাৰ যুঁজ বা ৰাজনৈতিক ক্ৰীড়াংগন নহয়, এইবাৰ বাতৰিৰ শিৰোনামত বিজয়ৰ ব্যক্তিগত জীৱন।

জানিব পৰা মতে, বিজয়ৰ পত্নী সংগীতাই বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছে। কিন্তু কেৱল বিবাহ বিচ্ছেদ নহয়, ছুপাৰষ্টাৰ স্বামীৰ বিৰুদ্ধে গুৰুতৰ ‘বিবাহ বহিৰ্ভূত সম্পৰ্ক’ৰ অভিযোগ উত্থাপন কৰিছে।

তেন্তে বিজয় আৰু সংগীতাৰ কেইবাদশক ধৰি চলি থকা বৈবাহিক সম্পৰ্ক বিপৰ্যয়ৰ মুখত পৰিছে? পত্নীয়ে তেওঁৰ বিৰুদ্ধে বিশ্বাস ভংগৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। দীৰ্ঘদিনীয়া সংগী সংগীতাই হঠাতে কিয় ইমান চৰম সিদ্ধান্ত ল’লে? বিষয়টোক লৈ দক্ষিণৰ চলচ্চিত্ৰ জগত আৰু ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা চলি আছিল যদিও আইনী ব্যৱস্থাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে ই বনজুইৰ দৰে বিয়পি পৰিছে।

শেহতীয়াকৈ বিজয়ে নিজৰ ৰাজনৈতিক দল টিভিকেৰ সৈতে যথেষ্ট সক্ৰিয় হৈ পৰিছে। তামিলনাডুৰ আগন্তুক নিৰ্বাচনত তেওঁৰ দলে ডাঙৰ প্ৰভাৱ পেলাব পাৰে বুলি ধাৰণা কৰা হৈছে। ঠিক সেই সন্ধিক্ষণতে তেওঁৰ ব্যক্তিগত জীৱনৰ এই বিতৰ্কই বিজয়ৰ ভাবমূৰ্তিত কিবা প্ৰভাৱ পেলাব নেকি তাক লৈ ৰাজনৈতিক বিশ্লেষণ আৰম্ভ হৈছে। ঘৰুৱা সংঘাত যেতিয়া আদালতৰ মজিয়াত তেতিয়া তেওঁৰ পক্ষত জনসাধাৰণৰ কিমান সমৰ্থন থাকিব সেয়া এতিয়া ডাঙৰ প্ৰশ্ন।

এই খবৰত বিজয়ৰ অগণন অনুৰাগী স্তম্ভিত হৈ পৰিছে। এতিয়ালৈকে থালাপতি বিজয়ৰ ‘স্বচ্ছ প্ৰতিচ্ছবি’ আৰু পাৰিবাৰিক বন্ধনক লৈ কোনো প্ৰশ্নই উত্থাপন হোৱা নাছিল। কিন্তু এই বিবাহ বিচ্ছেদ গোচৰৰ খবৰ বিজয়ৰ কেৰিয়াৰৰ অন্যতম কঠিন সময় হিচাপে চিহ্নিত কৰিব পাৰি।

এই পৰ্যন্ত এই বিষয়ত বিজয়ৰ কোনো আনুষ্ঠানিক সঁহাৰি পোৱা হোৱা নাই। এইটো এটা অতি শেহতীয়া খবৰ আৰু দেশত বিজয়ৰ সকলো অনুৰাগীয়ে পৰিস্থিতি কি দিশলৈ ঘূৰে তাৰ ওপৰত চকু ৰাখিছে।