NORTHEAST NOW (Assamese)
দেশ

হৰমুজ সংকটৰ মাজতো ভাৰতৰ বাবে সকাহ : বিকল্প পথেৰে আহিব খাৰুৱা তেল, নাটনি নহয় ইন্ধনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 3, 2026 5:29 pm

ইৰাণ আৰু আমেৰিকাৰ মাজত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশৰ বাবে বৰ্তমান বিশ্বজুৰি খাৰুৱা তেলৰ হাহাকাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা দিছে। বিশেষকৈ সামৰিক উত্তেজনাৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী বন্ধ হৈ যোৱাৰ আশঙ্কাই আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্থিৰতাৰ সৃষ্টি কৰিছে। কিন্তু এনে এক জটিল সময়তো ভাৰতৰ শক্তি সুৰক্ষাক লৈ কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই এক আশাব্যঞ্জক খবৰ দিছে। চৰকাৰী শীৰ্ষ বিষয়াৰ মতে ভাৰতে আমদানি কৰা মুঠ খাৰুৱা তেলৰ প্ৰায় ৬০ শতাংশই হৰমুজ প্ৰণালীৰ পৰিৱৰ্তে অন্য বিকল্প পথেৰে দেশলৈ আহে। যাৰ ফলত বিশ্বজুৰি তেলৰ যোগানত যিকোনো ধৰণৰ ব্যাঘাত জন্মিলেও ভাৰতৰ বাবে আপাতত কোনো ডাঙৰ বিপদৰ আশংকা নাই।

পশ্চিম এছিয়াৰ পৰিস্থিতি বৰ্তমান অতিশয় স্পৰ্শকাতৰ হৈ পৰিছে। বিশেষকৈ ইৰাণৰ শীৰ্ষ নেতা আয়াতোল্লা আলি খামেনেইৰ মৃত্যুৰ পাছত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ সুযোগ গ্ৰহণ কৰি ইৰাণে হৰমুজ প্ৰণালীৰে জাহাজ চলাচল বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে আৰু আনকি এই পথেৰে যোৱা জাহাজত জুই লগাই দিয়াৰ দৰে কঠোৰ সকীয়নিও দিছে। বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰী দেশ হিচাপে ভাৰতৰ বাবে এই পৰিস্থিতি চিন্তাজনক হ’ব লাগিছিল যদিও দিল্লীয়ে এই ক্ষেত্ৰত আগতীয়াকৈ সজাগতা অৱলম্বন কৰিছে। বৰ্তমান ভাৰতৰ হাতত কমেও ৩ ৰ পৰা ৪ সপ্তাহৰ বাবে প্ৰয়োজনীয় খাৰুৱা তেলৰ ভাণ্ডাৰ মজুত আছে। এই ভাণ্ডাৰত পেট্ৰ’ল আৰু ডিজেলৰ লগতে এলপিজি আৰু এলএনজিৰ দৰে অত্যাৱশ্যকীয় ইন্ধনো অন্তৰ্ভুক্ত হৈ আছে।

হৰমুজ প্ৰণালীক বিশ্বৰ তেল পৰিবহণৰ ধমনী বুলি গণ্য কৰা হয় যদিও ভাৰতৰ ক্ষেত্ৰত মাত্ৰ ৪০ শতাংশ তেলহে এই পথেৰে আহে। বাকী বৃহৎ অংশ অৰ্থাৎ ৬০ শতাংশ তেল যিহেতু বিকল্প পথেৰে আহে সেয়েহে এই সংকটৰ সময়ত ভাৰতৰ বাবে সেয়া এক সুৰক্ষা কৱচ হিচাপে পৰিগণিত হৈছে। বিশেষকৈ ৰাছিয়াৰ পৰা তেল আমদানিৰ ওপৰত ভাৰতে এতিয়া অধিক গুৰুত্ব দিছে। যদিও শেহতীয়াকৈ আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তিত ৰাছিয়াৰ পৰা তেল আমদানি নকৰাৰ এক প্ৰকাৰৰ আলোচনা হৈছিল কিন্তু দেশৰ স্বাৰ্থ আৰু শক্তি সুৰক্ষাৰ কথা লক্ষ্য কৰি ভাৰতে ৰাছিয়াৰ সৈতে তেলৰ লেনদেন অব্যাহত ৰাখিছে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয় আৰু তেল কোম্পানীসমূহৰ মাজত এই সন্দৰ্ভত নিৰন্তৰ যোগাযোগ চলি আছে যাতে দেশত ইন্ধনৰ কোনো ধৰণৰ নাটনি নহয়।