NORTHEAST NOW (Assamese)
Popular Stories

এপিএছচিৰ বিজ্ঞাপনক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি: কোচিং চেণ্টাৰৰ পৰা আঁতৰিব লাগিব সফল প্ৰাৰ্থীৰ ফটো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 4, 2026 7:44 pm

বুধবাৰে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কোচিং চেণ্টাৰসমূহৰ বিৰুদ্ধে সৰব হৈ পৰে। বিশেষকৈ সফল প্ৰাৰ্থীসকলৰ নাম আৰু ফটো ব্যৱহাৰ কৰি কোচিং চেণ্টাৰসমূহে চলোৱা বিজ্ঞাপন কাৰ্যক তেওঁ তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ নিৰ্দেশ দিয়ে যে অহা এসপ্তাহৰ ভিতৰত সকলো অসামৰিক সেৱাৰ কোচিং চেণ্টাৰে এনে বিজ্ঞাপন আঁতৰাব লাগিব। একেদৰে উত্তীৰ্ণ প্ৰাৰ্থীসকলকো তেওঁলোকৰ ফটো এনে বিজ্ঞাপনৰ পৰা তৎকালে আঁতৰাই পেলাবলৈ তেওঁ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে কোচিং চেণ্টাৰসমূহে শিক্ষাৰ্থীক ভাটৌৰ দৰে মাত্ৰ কেইটামান কথা শিকাই দিয়ে আৰু তাৰ পাছতে বিজ্ঞাপনৰ নামত বেপাৰ আৰম্ভ কৰে। তেওঁলোকে প্ৰাৰ্থীসকলৰ মনত এনে এক ধাৰণা সুমুৱাই দিয়ে যে কেৱল কোচিং চেণ্টাৰৰ বাবেহে তেওঁলোকে এই সফলতা লাভ কৰিছে। এনে মানসিকতাৰ বিৰুদ্ধে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কোচিং চেণ্টাৰত যি পঢ়ুৱায়, এপিএছচিয়ে তাৰ ওলোটা প্ৰশ্নহে কৰিব লাগে যাতে প্ৰকৃত মেধাৰ পৰীক্ষা হয়। তেওঁ নৱনিযুক্ত বিষয়াসকলক কেৱল এচিএছ বা এপিএছতে সীমাবদ্ধ নাথাকি ইউপিএছচিৰ বাবেও নিজকে সাজু কৰিবলৈ আহ্বান জনায়। চৰকাৰে তেনে মেধাৱীসকলক প্ৰস্তুতিৰ সুবিধা থকা স্থানত নিযুক্তি দিব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে।

নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বিগত পাঁচ বছৰত ৰাজ্য চৰকাৰে ১ লাখ ৬০ হাজাৰ নিযুক্তি সম্পূৰ্ণ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে এটাও দুৰ্নীতিৰ গোচৰ নাই। পূৰ্বৰ চৰকাৰৰ দিনত এপিএছচিৰ চাকৰিৰ বাবে কোটি টকাৰ লেনদেন হোৱাৰ যি কাহিনী অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত উল্লেখ আছে, সেই পৰিৱেশ এতিয়া সম্পূৰ্ণ সলনি হৈছে বুলি তেওঁ দাবী কৰে। তেওঁ নিকা নিযুক্তিৰ উদাহৰণ দি নূপূৰ বৰাৰ প্ৰসংগও উত্থাপন কৰে আৰু কয় যে নিকাভাবে নিযুক্তি পালেও যদি কোনোবাই পাছলৈ দুৰ্নীতিত লিপ্ত হয়, তেন্তে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমানৰ যুগত প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পাইছে, গতিকে কোনো বিষয়া-কৰ্মচাৰীয়ে ৰাইজক হাৰাশাস্তি কৰি বা দুৰ্নীতি কৰি সাৰি যাব নোৱাৰিব। যোৱা পাঁচ বছৰত ৰাজহ বিভাগৰ সৰ্বাধিক মণ্ডল গ্ৰেপ্তাৰ হোৱা কথাটো উল্লেখ কৰি তেওঁ সোঁৱৰাই দিয়ে যে আয়কৰৰ পৰা লুকুৱাই নগদ ধন ৰখা এতিয়া ইমান সহজ নহব। প্ৰযুক্তিৰ সহায়ত এমাহৰ ভিতৰতে যিকোনো অভিযুক্তক ধৰা পেলাব পাৰি বুলি তেওঁ সকীয়াই দিয়ে। সেয়েহে নতুনকৈ নিযুক্তি পোৱা বিষয়াসকলক নিজৰ কাৰ্যালয়ত এক স্বচ্ছ আৰু নিকা পৰিৱেশ গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায়।