NORTHEAST NOW (Assamese)
অসম

বিশ্বকাপ জয়ৰ স্বীকৃতি, টিম ইণ্ডিয়াক অভিলেখ পৰিমাণৰ আৰ্থিক পুৰস্কাৰ বিচিচিআইৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 10, 2026 1:31 pm

২০২৪ চনৰ পিছত ২০২৬ চন। ভাৰতীয় ক্ৰিকেট দলে একেৰাহে দুবাৰকৈ টি-২০ বিশ্বকাপত জয়লাভ কৰিলে। সঞ্জু চেমচন, ঈশান কিষাণ, যশপ্ৰীত বুমৰাহৰ দলক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে ভাৰতীয় ক্ৰিকেট অনুৰাগী। এইবাৰ তেওঁলোকে বিশ্ব জয়ৰ পুৰস্কাৰ লাভ কৰিবলৈ ওলাইছে।

বিচিচিআইয়ে বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে। মঙলবাৰে পুৱা বিচিচিআইৰ আনুষ্ঠানিক বিবৃতিত এই কথা ঘোষণা কৰা হৈছে। ২০২৪ চনত বিশ্বকাপ জয় কৰাৰ পিছত টিম ইণ্ডিয়াক ১২৫ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ দিয়া হৈছিল। এইবাৰ সেই সংখ্যা ৬ কোটি টকা বৃদ্ধি পাইছে। এয়া এতিয়ালৈকে সৰ্বাধিক পৰিমানৰ আৰ্থিক পুৰস্কাৰ।

এই ঘোষণাৰ কথা ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই নিশ্চিত কৰিছে। বিবৃতিটোত কোৱা হৈছে, ‘টি-২০ বিশ্বকাপ জয় কৰাৰ পাছত বিচিচিআইয়ে ভাৰতীয় ক্ৰিকেট দলটোক ১৩১ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰত বিশ্ব চেম্পিয়ন হয়। টি-২০ বিশ্বকাপৰ ইতিহাসত খিতাপ অক্ষুণ্ণ ৰখা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে টিম ইণ্ডিয়া। এই জয়েৰে ভাৰতীয় দলটোৱে তিনিবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। অৰ্থাৎ ভাৰত এই প্ৰতিযোগিতাৰ ইতিহাসত সৰ্বাধিক সফল দল। এই ঐতিহাসিক জয়ৰ বাবে ব’ৰ্ডে খেলুৱৈ, সহায়ক কৰ্মী আৰু নিৰ্বাচকসকলক অভিনন্দন জনাইছে। ভৱিষ্যতে এনে সফলতা আৰু হওক, সেয়াই কাম্য।‘

উল্লেখযোগ্য যে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে প্ৰদান কৰা আৰ্থিক পুৰস্কাৰৰ ভিতৰত এয়া সৰ্বাধিক। ২০২৪ চনত বিৰাট-ৰোহিত বাহিনীক ১২৫ কোটি টকা দিয়া হৈছিল। এইবাৰ সেই সংখ্যা আৰু ৬ কোটি টকা বৃদ্ধি পাইছে।

বিশ্বকাপ জয়ৰ বাবেও আইচিচিয়ে প্ৰায় ৩০ লাখ মাৰ্কিন ডলাৰ দিছে। ভাৰতীয় মুদ্ৰাত এই সংখ্যা প্ৰায় ২৭ কোটি ৪৮ লাখ টকা। এইবাৰ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এই ঘোষণাৰ পৰা সঞ্জু চেমচন, ঈশান কিষান বাহিনী অধিক লাভৱান হৈছে।