NORTHEAST NOW (Assamese)
দেশ

দেশৰ আটাইতকৈ ধনী অধিবক্তা! ৰাজ্যসভাৰ নিৰ্বাচনত নিৰ্বাচন আয়োগক দিয়া শপতনামাত অভিষেক মনু সিংভিৰ সম্পত্তিৰ তালিকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 11, 2026 11:13 am

দেশৰ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে শেহতীয়াকৈ তেলেংগানাৰ পৰা ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। এই মনোনয়নৰ সৈতে জমা দিয়া শপতনামত তেওঁ নিজৰ সম্পত্তি আৰু আয়ৰ যি বিৱৰণ দিছে সেয়া দেখি সকলো আচৰিত হৈ পৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত তেওঁৰ বাৰ্ষিক আয় প্ৰায় ৩৭৪ কোটি টকা বুলি উল্লেখ কৰা হৈছে।

আনহাতে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২,৫৫৩ কোটি টকা। যোৱা ৬ মাৰ্চত হায়দৰাবাদত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁ এই তথ্য ৰাজহুৱা কৰিছে।

শপতনামাত উল্লেখ থকা অনুসৰি যোৱা কেইবছৰমানত সিংভিৰ আয় অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত তেওঁৰ আয় আছিল ৩৩৩ কোটি টকা আৰু ২০২২-২৩ বৰ্ষত আছিল ৩৫৯ কোটি টকা। একেদৰে ২০২১-২২ বৰ্ষত ২৯০ কোটি আৰু ২০২০-২১ বৰ্ষত ১৫৮ কোটি টকা আয় কৰিছিল তেওঁ। নিৰ্বাচনী শপতনামাত তেওঁৰ পত্নী অনিতা সিংভি আৰু তেওঁলোকৰ হিন্দু অবিভক্ত পৰিয়ালৰ সম্পত্তিৰ হিচাপো দাঙি ধৰা হৈছে। ইয়াত মিউচুৱেল ফাণ্ড, বেংক জমা, শ্বেয়াৰ আৰু স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ সকলো তথ্য আছে।

অভিষেক মনু সিংভিৰ বিৰুদ্ধে কোনো ধৰণৰ ফৌজদাৰী গোচৰ নাই যদিও আয়কৰ বিভাগৰ সৈতে জড়িত এটা পুৰণি গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে। ২০১১ চনৰ পৰা ২০১৩ চনৰ ভিতৰত যোধপুৰত চিবিডিটিয়ে এই গোচৰটো তৰিছিল। তেওঁৰ বিৰুদ্ধে খৰচৰ হিচাপ বেছিকৈ দেখুৱাই আৰু আয় কমকৈ দেখুৱাই কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

শপতনামাত জনোৱা অনুসৰি সিংভিয়ে আয়কৰ বিভাগক এতিয়াও ৬৩ কোটিৰো অধিক টকা দিবলৈ বাকী আছে। তেওঁৰ মুঠ ধাৰৰ পৰিমাণ হৈছে ৩৫৩ কোটি টকা আৰু তেওঁৰ পত্নীৰ নামতো প্ৰায় ৭৩ কোটি টকাৰ ধাৰ আছে। এই দম্পতীৰ ওচৰত প্ৰায় ১৬০ কোটি টকাৰ অলংকাৰ আৰু ২৫ কোটি টকাৰ কলা-ভাস্কৰ্যৰ সংগ্ৰহ আছে।

সিংভিৰ এই বিশাল সম্পত্তিৰ খতিয়ান ওলাই অহাৰ পিছতে ভাৰতীয় জনতা পাৰ্টিয়ে সমালোচনা আৰম্ভ কৰিছে। বিজেপিৰ মুখপাত্ৰ অমিত মালব্যই অভিযোগ কৰিছে যে পশ্চিম বংগৰ তৃণমূল চৰকাৰ আৰু দিল্লীৰ আম আদমি পাৰ্টিৰ হৈ ওকালতি কৰিয়েই সিংভিয়ে এই বিপুল ধন উপাৰ্জন কৰিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে যে একাংশ লোকে ৰাজনৈতিক কেলেংকাৰী কৰে আৰু তাৰ পৰাই নিৰ্বাচিত অধিবক্তাই সাধাৰণ মানুহৰ পইচাৰে কোটি কোটি টকা মাচুল লাভ কৰে।

আনহাতে তেলেংগানাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছৰ আন এজন প্ৰাৰ্থী ভেম নৰেন্দ্ৰ ৰেড্ডীৰ সম্পত্তি সিংভিৰ তুলনাত বহুত কম। ৰেড্ডী পৰিয়ালৰ মুঠ সম্পত্তিৰ মূল্য প্ৰায় ৪০ কোটি টকা বুলি শপতনামাত জনোৱা হৈছে। বৰ্তমান সিংভি আৰু সুৰেশ ৰেড্ডীৰ ৰাজ্যসভাৰ কাৰ্যকাল অহা ৯ এপ্ৰিলত শেষ হ’ব। তেলেংগানা বিধানসভাত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা থকাৰ বাবে সিংভি আৰু নৰেন্দ্ৰ ৰেড্ডী দুয়োজনেই বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা অধিক।