NORTHEAST NOW (Assamese)
Uncategorized

২০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব মণিপুৰ বিধানসভাৰ শীতকালিন অধিৱেশন

Posted by: শোভাপতি ছামম December 15, 2017 9:18 pm

অহা ২০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ১১তম মণিপুৰ বিধানসভাৰ শীতকালিন অধিৱেশন। বুধবাৰে মণিপুৰ বিধানসভাৰ কাম-কাজ পৰামৰ্শদাতা কমিটিয়ে আয়োজন কৰা এখন সভাত এই সম্পৰ্কে এক প্ৰস্তাৱ লোৱা হয় বুলি মণিপুৰ বিধানসভাৰ সূত্ৰ পৰা জানিব পৰা গৈছে। সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি  ৪ দিন ধৰি চলিব লগীয়া উক্ত অধিৱেশনটো ২৩ ডিচেম্বৰত সামৰণি পৰিব। বিধানসভাৰ প্ৰয়াত সদস্য ৰিছাং কেইছিং, ছালাম দামোদৰ, থ কৃষ্ণ আৰু যোগেশ্বৰক শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হ’ব লগীয়া প্ৰথম দিনটোত যদিহে কোনো বিল প্ৰস্তুত থাকে তেন্তে চৰকাৰে উক্ত বিল সমূহকো দাখিল কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। বাকী দিনকেইটাত প্ৰশ্ন উত্তৰ শিতানৰ উপৰি অন্যান্য কৰ্মসূচী সমূহো চলাই যোৱা হ’ব। অধিৱেশনটোৰ শেষৰ দিনা অৰ্থাৎ ২৩ ডিচেম্বৰত চৰকাৰে দাখিল কৰা বিল সমূহৰ ওপৰত আলোচনা কৰাৰ উপৰি অনুমোদনো জনোৱা হ’ব বুলি মণিপুৰ বিধানসভাৰ সচিব এম ৰমণী দেৱীয়ে জানিবলৈ দিয়ে।