NORTHEAST NOW (Assamese)
Popular Stories

হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অৱমাননাৰ অভিযোগ দাখিল অধিবক্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2026 12:20 pm

২০২৬ চনৰ আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলে নিউজিলেণ্ডক পৰাস্ত কৰি জয়লাভ কৰাৰ পিছত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল। অৱশ্যে এই আনন্দৰ মাজতেই এতিয়া বিতৰ্কত সোমাই পৰিছে ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। খেলপথাৰত বিজয় উদযাপনৰ সময়ত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰাৰ অভিযোগ তুলি পুনেৰ এজন অধিবক্তাই হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে।

পুনেৰ অধিবক্তা ৱাজিদ খানে শিৱাজী নগৰ আৰক্ষী থানাত এই অভিযোগ দাখিল কৰিছে। অধিবক্তাগৰাকীৰ অভিযোগ অনুসৰি, বিজয় উদযাপনৰ সময়ত হাৰ্দিক পাণ্ডিয়াই নিজৰ প্ৰেমিকা মাহীকা শৰ্মাৰ সৈতে খেলপথাৰত থকা অৱস্থাত ত্ৰিৰংগ পতাকাখন নিজৰ শৰীৰত মেৰিয়াই লৈছিল। ইয়াৰ উপৰিও, তেওঁলোকে একেলগে প’ডিয়ামৰ ওপৰত শুই থকা অৱস্থাতো পতাকাখন পিন্ধি থকাৰ বাবে ই ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা হানি কৰা বুলি অধিবক্তাই মন্তব্য কৰিছে।

অধিবক্তা ৱাজিদ খানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, ১৯৭১ চনৰ ৰাষ্ট্ৰীয় পতাকা আইনৰ ২ নং ধাৰা অনুসৰি আমি আমাৰ জাতীয় পতাকাৰ মৰ্যাদাক সন্মান কৰা উচিত। কিন্তু বিজয়ৰ আনন্দত হাৰ্দিক পাণ্ডিয়াই এই মৰ্যাদা অৱমাননা কৰা বুলি তেওঁ দৃঢ় মত পোষণ কৰিছে। তেওঁ এই কাৰ্যক ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি অপমান বুলি গণ্য কৰি ইয়াৰ বিৰুদ্ধে উচিত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক অনুৰোধ জনাইছে।

ইফালে, ছ’চিয়েল মিডিয়াত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত নেটিজেনসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। একাংশ অনুৰাগীয়ে ইয়াক এক স্বাভাৱিক বিজয় উদযাপন বুলি অভিহিত কৰাৰ বিপৰীতে আন একাংশই খেলুৱৈসকলৰ আচৰণ অধিক সংযত হোৱা উচিত আছিল বুলি মত প্ৰকাশ কৰিছে। অধিবক্তাৰ এই অভিযোগ গ্ৰহণ কৰি আৰক্ষীয়ে বিষয়টো পৰীক্ষা কৰি আছে আৰু এতিয়া আইনী প্ৰক্ৰিয়া কোন দিশে গতি কৰে সেয়াই লক্ষণীয় হ’ব।