NORTHEAST NOW (Assamese)
ক্ৰীড়া

বিভিন্ন ক্ৰীড়া কাৰ্যসূচীৰ জৰিয়তে ২৩ জুনত ‘অলিম্পিক দিৱস’ পালন কৰিবলৈ সাজু ছিকিম

Posted by: সাগৰ চেত্ৰী June 20, 2018 12:44 pm
LogoOlympicDay-570x320

অহা ২৩ জুনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ লগতে ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনেও দেশজুৰি উদযাপন কৰিব ‘অলিম্পিক দিৱস’ ।

এই দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ছিকিম অলিম্পিক এছ’চিয়েশ্যনে ৰাজ্যিক যুৱ কল্যাণ বিভাগৰ সহযোগত বিভিন্ন ক্ৰীড়া কাৰ্যসূচীৰ মাজেৰে অলিম্পিক দিৱস উদযাপন কৰিব।

এসপ্তাহযোৰা চলিবলগীয়া এই অলিম্পিক দিৱসৰ লগত সংগতি ৰাখি ছিকিম অলিম্পিক এছ’চিয়েশ্যনে ফুটবল প্ৰতিযোগিতা, টাইকোৱানড’, আৰ্চাৰী, কাৰাটে, বক্সিং, বেডমিণ্টনৰ লগতে সমূহীয়া দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

এই বৰ্ষৰ অলিম্পিক দিৱসৰ থীম হৈছে ‘মোভ লাৰ্ণ এণ্ড ডিছক’ভাৰ’। ছিকিমৰ শিশু তথা যুৱ প্ৰজন্মক খেলৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ উদ্দেশ্যেই এনে ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছো। এই খেলুৱৈসকলক অভিজ্ঞ ক্ৰীড়া বিশেষজ্ঞসকলৰ দ্বাৰা অনুশীলন প্ৰদান কৰা হ’ব।

উল্লেখ্য যে অহা ২৩ জুনত হ’বলগীয়া অলিম্পিক দিৱস দৌৰত সকলো বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰী, সংগঠন, জেষ্ঠ্য নাগৰিকৰ লগতে সকলো লোককে অংশগ্ৰহণ কৰিবলৈ ছিকিম অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতি তথা সদস্যসকলে অনুৰোধ জনাইছে।

অলিম্পিক দিৱসৰ দিনা ৰাতিপুৱা ৬.৩০ বজাত এমজি মাৰ্গস্থিত টাইটানিক পাৰ্কৰ পৰা এই সমূহীয়া দৌৰৰ শুভাৰম্ভণি হ’ব।