NORTHEAST NOW (Assamese)
Popular Stories

এতিয়া কংগ্ৰেছ নেতাৰ পুনৰ্সংস্থাপন কেন্দ্ৰত পৰিণত বিজেপি: কাছাৰত দলত্যাগ ৭ জ্যেষ্ঠ নেতাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2026 4:21 pm

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰাক কেন্দ্ৰ কৰি আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কাছাৰ জিলাৰ উদৰবন্দ সমষ্টিত বিজেপিত তীব্ৰ বিদ্ৰোহৰ সৃষ্টি হৈছে। সমষ্টিটোত দলৰ পুৰণি তথা ত্যাগী কৰ্মীক বঞ্চিত কৰি এজন বহিৰাগততথা প্ৰাক্তন কংগ্ৰেছ বিধায়কক টিকট দিয়াৰ প্ৰতিবাদত ৭ জনকৈ জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ক্ষোভ উজাৰি দলৰ পৰা পদত্যাগ কৰিছে। নিৰ্বাচনৰ ঠিক আগে আগে হোৱা এই দলত্যাগে শাসকীয় দলটোৰ ভিতৰচৰাত থকা অসন্তুষ্টিক আকৌ এবাৰ পোহৰলৈ আনিছে।

উদৰবন্দ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজদ্বীপ গোৱালাক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতেই এই বিদ্ৰোহৰ সূত্ৰপাত ঘটে। টিকট লাভৰ পৰা বঞ্চিত হোৱা পুৰণি বিজেপি নেতাসকলে এই সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। পদত্যাগ কৰা এই জ্যেষ্ঠ নেতাসকল হৈছে ক্ৰমে বাসুদেৱ শৰ্মা, শামু ৰায়, নবাৰুণ চক্ৰৱৰ্তী, জয়জ্যোতি দে‘, হেমাঙ্গ শেখৰ দাস, বিশ্বজিৎ দাস আৰু কাঞ্চন সিং। তেওঁলোকে মুকলিকৈ অভিযোগ কৰিছে যে বিজেপিয়ে এতিয়া নিজৰ পুৰণি আদৰ্শ পাহৰি কেৱল ক্ষমতাৰ স্বাৰ্থত আন দলৰ পৰা অহা নেতাক গুৰুত্ব প্ৰদান কৰিবলৈ লৈছে।

ক্ষোভিত নেতাসকলে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, উধৰবন্দ সমষ্টিৰ প্ৰাৰ্থী হিচাপে বহিৰাগত ৰাজদ্বীপ গোৱালাক টিকট দিয়াটো তেওঁলোকে কোনোপধ্যে মানি লব নোৱাৰে। দলৰ বাবে অহৰ্নিশে ত্যাগ আৰু সংঘৰ্ষ কৰি অহা কৰ্মীসকলক বঞ্চিত কৰি এজন বহিৰাগতক মনোনয়ন দি দলৰ নীতি আৰু আদৰ্শক জলাঞ্জলি দিয়া হৈছে বুলি তেওঁলোকে আক্ষেপ প্ৰকাশ কৰে। নেতাসকলে লগতে কয় যে তেওঁলোকে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু লাল কৃষ্ণ আদৱানীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সেই সময়ৰ পৰাই দলৰ হৈ কাম কৰি আহিছে। কিন্তু বৰ্তমান তেওঁলোকৰ দাবী আওকাণ কৰি এজন প্ৰাক্তন কংগ্ৰেছ দলৰ বিধায়কক প্ৰাৰ্থিত্ব দিয়া কাৰ্যই তেওঁলোকক মৰ্মাহত কৰিছে।

দলত্যাগ কৰা আন এজন নেতাই আৱেগিক হৈ অভিযোগ উত্থাপন কৰে যে বৰ্তমান বিজেপি দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ নেতাৰ এক পুনৰ্সংস্থাপন কেন্দ্ৰ হৈ পৰিছে। যিসকল কৰ্মীয়ে দলৰ দুৰ্দিনত সৰ্বোচ্চ ত্যাগ কৰিছিল, বৰ্তমান তেওঁলোকৰ অস্তিত্ব বিপন্ন হৈ পৰিছে আৰু তেওঁলোকক সম্পূৰ্ণৰূপে গুৰুত্বহীন কৰি পেলোৱা হৈছে বুলি নেতাজনে উল্লেখ কৰে।