NORTHEAST NOW (Assamese)
অসম

দৰঙত সমূহীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে কৃষকলৈ সাৰ ক্ৰয়ৰ সুবিধা

Posted by: ময়ূখ গোস্বামী June 20, 2018 5:31 pm
DC-Darrang-Ashok-Kr-Barman-in-presence-of-ADC-Darrang-Pankaj-Chakravorty-and-other-distinguished-guests-delivering-the-inaugural-speech-2-570x320

আজি কৃষক বিপ্লৱৰ ঐতিহাসিক স্থান, দৰঙ জিলাৰ পথৰুঘাটত কৃষিখণ্ডত আকৌ এটা ইতিহাস ৰচিত হ’ল। দৰং জিলাত আজি উদ্বোধন হোৱা ভাৰতীয় কৃষক সাৰ সমবায় পৰিসীমিতৰ (Indian Farmers Fertilizer Cooperative Ltd) ডিজিটেল ক্ৰয়-বিক্ৰয় সুবিধাৰ দ্বাৰা জিলাখনৰ গ্ৰাম্য এলেকাসমূহত থকা সমূহীয়া সেৱা কেন্দ্ৰসমূহৰ (Common Services Centre) জৰিয়তে কোনো অসুবিধা নোহোৱাকৈ সাৰ ক্ৰয় কৰিব পাৰিব।

ভাৰতৰ এই উদ্ভাৱনীমূলক আঁচনিটো প্ৰথমবাৰৰ বাবে দৰং জিলাত উদ্বোধন কৰা হৈছে আৰু আৰু এই আঁচনিখন এখন ৰাজহুৱা অনুষ্ঠানত দৰঙৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে এটা জাকজমকীয়া অনুষ্ঠানৰ মাজেৰে জনসাধাৰণৰ বাবে মুকলি কৰে। খাৰুপেটীয়াৰ আছাম ক্লাবৰ সভাগৃহত দৰং জিলা প্ৰশাসন আৰু দৰং সমূহীয়া সেৱা কেন্দ্ৰ কৰ্তৃপক্ষৰ সহযোগত এই আঁচনিটো উদ্বোধন কৰা হয়।

ইয়াৰ উপৰিও চিকিৎসাৰ জৰুৰীকালীন পৰামৰ্শদান, পশুপালনৰ পৰামৰ্শ, বীমা ইত্যাদিৰো অনলাইন পৰিসেৱা আগবঢ়োৱা হ’ব। গাৱঁবাসীয়ে এই সকলো সুবিধা নিকটতম সমূহীয়া সেৱা কেন্দ্ৰসমূহৰ পৰা গ্ৰহণ কৰিব পাৰিব।

এই উদ্বোধনী অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় দৰঙৰ ডিজিটেল সাক্ষৰতা কোষৰ ভাৰপ্ৰাপ্ত বিষয়া ঝাঞ্জৰী সৰকাৰে। এই অনুষ্ঠানত দলগাঁও ৰাজহ চক্ৰহ বিষয়া যুৱৰাজ বৰঠাকুৰ, দৰঙৰ জিলা কৃষি বিষয়া নীলকান্ত ডেকা, উত্তৰ-পূৰ্বাঞ্চলৰ সমূহীয়া সেৱা কেন্দ্ৰৰ মুৰব্বী জ্ঞান দলে, বেছিমাৰীৰ খণ্ড উন্নয়ন বিষয়া ইছলামুদ্দিন আহমেদ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাৰ্কেটিং হেড দেবশ্ৰী বাগেও ভাষণ প্ৰদান কৰিছিল। তাৰোপৰি, এই অনুষ্ঠানত প্ৰায় ৩০০ কৃষক, ভিএলই আৰু গাঁওবুঢ়াসকলে অংশগ্ৰহণ কৰিছিল।