কৰ্ণাটকত উদ্ধাৰ নগালেণ্ডৰ যুৱতীৰ মৃতদেহ; ডায়েৰীত দুই ব্যক্তিৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাৰ ভাৰাঘৰত বুধবাৰে সন্দেহজনক পৰিস্থিতিত নাগালেণ্ডৰ এগৰাকী ২২ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
চিক্কামাগালুৰু চহৰৰ অৰৱিন্দনগৰৰ ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় লিনছুলা নামৰ যুৱতীগৰাকীক। আৰক্ষীৰ মতে, তেওঁ জিলাখনৰ এখন ৰিজ’ৰ্টত কাম কৰি আহিছিল।
প্ৰাথমিক তদন্তত দেখা গৈছে যে লিনছুলাই এই কাণ্ডৰ পূৰ্বে প্ৰায় ডেৰ ঘণ্টা ধৰি কিভিশ্বে কিনিমি নামৰ এজন ব্যক্তিৰ সৈতে কথা পাতিছিল। আৰক্ষীয়ে তেওঁৰ কোঠাৰ পৰা এখন ডায়েৰীও উদ্ধাৰ কৰে য’ত তেওঁ ৰাজেশ আৰু তেজছ নামৰ দুজন ব্যক্তিৰ কথা উল্লেখ কৰিছে।
ৰাজেশ আৰু তেজছে হাৰাশাস্তি কৰি আহিছিল বুলি অভিযোগ কৰি মৃত যুৱতীগৰাকীৰ সৈতে জড়িত লাশীলা ইমচুংগাৰে বাসৱনহল্লী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি লিনছুলাই ডায়েৰীত লিপিবদ্ধ কৰিছিল যে দুয়োজন ব্যক্তিয়ে তেওঁক সম্পৰ্ক গঢ়াৰ অজুহাতত শাৰীৰিক আৰু মানসিক দুয়োধৰণে নিৰ্যাতন চলাইছিল। এই হেঁচাৰ মাজতো তেওঁ পিতৃ-মাতৃক সহায় কৰিবলৈ আৰু ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰিবৈ কাম কৰি আহিছিল।
তদন্তৰ অংশ হিচাপে ডায়েৰীখন জিম্মাত লোৱা হৈছে আৰু নাগালেণ্ডত থকা তেওঁৰ পৰিয়ালক অৱগত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ মৃত্যুৰ সৱিশেষ জানিবলৈ অধিক তদন্ত চলি আছে।