NORTHEAST NOW (Assamese)
অসম

বোকাখাতত নাৰী নিৰ্য্যাতন-হত্যা : দোষীক ধৰা আৰু শাস্তি দিয়াৰ দাবীত জোঁৰ সমদল টি এম পি কেৰ

Posted by: উত্তম শইকীয়া June 20, 2018 9:27 pm

বিগত সময়ছোৱাত বোকাখাতত চলি থকা ধাৰাৱাহিক নাৰী নিৰ্যাতন আৰু নাৰী হত্যাৰ প্ৰতিবাদত বুধবাৰে সন্ধ্যা বোকাখাতৰ আমটেঙা গাঁৱত মিচিং ছাত্ৰ সন্থাৰ নেতৃত্বত সহস্ৰাধিক লোকে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

বোকাখাতৰ মাইতি পেগু নামৰ মহিলাগৰাকীৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ লগতে মুনু ডেকা আৰু নমিতা দলেৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত টি এম পি কেৰ নেতৃত্বত সহস্ৰাধিক লোকে হাতত জোঁৰ লৈ ওলাই আহি এক প্ৰতিবাদী সমদল কৰে৷

আমটেঙা গাওঁ পৰিভ্ৰমণ কৰি হত্যাকাৰীক ধৰাত ব্যৰ্থ হোৱা আৰক্ষী আৰু প্ৰশাসনক তীব্ৰ ভাষাৰে সমলোচনা কৰে৷ জোঁৰ সমদলৰ শেষত আমটেঙা চাৰিআলিত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷

উল্লেখ্য যে  যোৱা ৫ জুনৰ নিশা বোকাখাতৰ আনন্দপুৰ চাহ বাগিছাত যৌন নিৰ্যাতন চলাই হত্যা কৰি পেলাই যোৱা মাইতি পেগু নামৰ মহিলা গৰাকীৰ হত্যাকাৰীক কৰায়ত্ব কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ পাচত মিচিং ছাত্ৰ সন্থাৰ নেতৃত্বত বোকাখাত এলানি প্ৰতিবাদী কাৰ্যসুচী হাতত লৈছে৷ এই কাৰ্যসুচীৰ আধাৰতে বুধবাৰৰ সন্ধিয়া বোকাখাতৰ আমটেঙাত এই জোঁৰ সমদল কৰে গাওঁবাসীয়ে৷

মাইতি পেগুৰ হত্যাকাৰীক কৰায়ত্ব নকৰালৈকে আৰু নমিতা দলে আৰু মুনু ডেকাৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদান নকৰালৈকে তীব্ৰ আন্দোলন চলাই যাব বুলি ছাত্ৰ সংগঠনটোৱে ঘোষণা কৰে৷