NORTHEAST NOW (Assamese)
Popular Stories

চৰকাৰক প্ৰশ্ন কৰাৰ শাস্তি! নিষিদ্ধ কৰিলে ‘মলিটিক্স’, ‘নেচনেল দস্তক’ আৰু ৰাজীৱ নিগমৰ ফেচবুক পেজ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2026 11:28 am

ভাৰতত ডিজিটেল সংবাদ মাধ্যম আৰু স্বাধীন কণ্ঠৰ ওপৰত পুনৰ চৰকাৰী কঠোৰ দমন দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে সংবাদ প্ৰতিষ্ঠান মলিটিক্সআৰু নেচনেল দস্তকৰ লগতে প্ৰসিদ্ধ ব্যংগ লেখক ৰাজীৱ নিগমৰ ফেচবুক পেজ ভাৰতত অৱৰোধ কৰা হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম মেটাই তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ ধাৰা ৭৯(৩)(বি)-ৰ অধীনত চৰকাৰৰ আইনী অনুৰোধ মানি এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি এক জাননীযোগে প্ৰকাশ কৰিছে।

যোৱা ২৯ মাৰ্চৰ পৰা ব্যৱহাৰকাৰীসকলে এই পেজসমূহত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিলে “ভাৰতত এই বিষয়বস্তু উপলব্ধ নহয়” বুলি এটা বাৰ্তা প্ৰদৰ্শিত হৈছে। ইয়াৰ উপৰি অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবৈৰৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টৰ বিৰুদ্ধেও অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে। সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, এই পেজসমূহ চৰকাৰৰ নীতি-নিৰ্ধাৰণক কঠোৰ সমালোচনা কৰা, জনসাধাৰণৰ সমস্যাসমূহ তুলি ধৰা আৰু বাস্তৱিক পৰিস্থিতি পোহৰলৈ অনাৰ বাবে জনাজাত আছিল। পেজসমূহ নিষিদ্ধ কৰাৰ আঁৰৰ প্ৰকৃত কাৰণ চৰকাৰে স্পষ্ট কৰা নাই যদিও চৰকাৰৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সংবাদ প্ৰতিষ্ঠানকেইটাই দাবী কৰিছে।

এই পদক্ষেপৰ পিছতে মলিটিক্সে তেওঁলোকৰ এক্স একাউণ্টত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “যেতিয়া ক্ষমতাৰ শীৰ্ষত বহা লোকসকল সত্যৰ সন্মুখীন হবলৈ অস্বস্তি অনুভৱ কৰে, তেতিয়া সাংবাদিকতাৰ স্তম্ভ খহি পৰিবলৈ আৰম্ভ কৰে।” প্ৰতিষ্ঠানটোৱে লগতে কয় যে জনসাধাৰণৰ স্বাৰ্থজড়িত বিষয়বোৰ আলোচনা কৰা আৰু বৈজ্ঞানিক সজাগতা বিয়পোৱাৰ বাবেই তেওঁলোকক এই শাস্তি প্ৰদান কৰা হৈছে। একেদৰে, নেচনেল দস্তকেও এই কাৰ্যক গৰিহণা দি জানিবলৈ দিয়ে যে চৰকাৰৰ নিৰ্দেশতে তেওঁলোকৰ পেজটো ভাৰতত নিষিদ্ধ কৰা হৈছে আৰু সংবাদ মাধ্যমৰ প্ৰতিটো প্লেটফৰ্মক লক্ষ্য কৰি লোৱা হৈছে।

আনহাতে, প্ৰায় ৬.৬ লাখ ফেচবুক অনুগামী থকা জনপ্ৰিয় ব্যংগ লেখক ৰাজীৱ নিগমেও এই কাৰ্যক সমালোচনা কৰিছে। ৰাজনৈতিক পৰিস্থিতি আৰু প্ৰধানমন্ত্ৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ ওপৰত ব্যংগাত্মক মন্তব্য কৰা নিগমে কয় যে তেওঁৰ ফেচবুক পেজটোও কোনো কাৰণ নেদেখুৱাকৈয়ে ভাৰতত সীমাবদ্ধ কৰি দিয়া হৈছে। চৰকাৰক কটাক্ষ কৰি তেওঁ কয় যে কেৱল তেওঁৰ লগতেই নহয়, আন বহুতো লোকৰ লগতো এনে কৰা হৈছে আৰু চৰকাৰে ইয়াৰ কাৰণ স্পষ্ট কৰা উচিত।

উল্লেখযোগ্য যে, তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৭৯(৩)(বি)-ৰ অধীনত চৰকাৰে কোনো বিষয়বস্তুৰ দ্বাৰা আইন ভংগ হোৱাৰ আশংকাত ছচিয়েল মিডিয়া প্ৰতিষ্ঠানসমূহক সেয়া আঁতৰাবলৈ বা অৱৰোধ কৰিবলৈ নিৰ্দেশ দিব পাৰে। এই ঘটনাৱলীয়ে ভাৰতত স্বাধীন সাংবাদিকতা আৰু বাক-স্বাধীনতাৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ বৃদ্ধি পোৱাৰ ইংগিত বহন কৰিছে। কিছুদিন পূৰ্বেও অনুৰূপভাৱে চৰকাৰী নিৰ্দেশত কেইবাটাও সংবাদ মাধ্যম আৰু সমাজকৰ্মীৰ একাউণ্ট বাতিল কৰা হৈছিল, যিয়ে দেশৰ সংবাদ মহলৰ লগতে সচেতন নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।