NORTHEAST NOW (Assamese)
দেশ

পুনৰ চৰ্চাত মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2026 2:16 pm

পুনৰ চৰ্চাত ‘মহাকুম্ভ ভাইৰেল গাৰ্ল’ মনালিছা। এইবাৰ তেওঁৰ স্বামী ফাৰমানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগত গোচৰ ৰুজু কৰিছে মধ্যপ্ৰদেশৰ খাৰগোন আৰক্ষীয়ে।

অভিযোগ অনুসৰি, বিবাহৰ সময়ত মোনালিসা নাবালিকা আছিল, যাৰ বাবে তেওঁৰ স্বামীৰ বিৰুদ্ধে পকছ’ (POCSO) আইনৰ অধীনত গোচৰ তৰা হৈছে। ইয়াৰ উপৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰ আৰু অবৈধ বিবাহৰ অভিযোগো উত্থাপন কৰা হৈছে। চৰকাৰী চিকিৎসালয়ৰ নথি-পত্ৰ অনুসৰি মোনালিসাৰ জন্ম ২০০৯ চনৰ ৩০ ডিচেম্বৰত হৈছিল আৰু সেই হিচাপত চলিত বৰ্ষৰ ১১ মাৰ্চত বিবাহৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৬ বছৰ ২ মাহ ১২ দিন।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভমেলাৰ সময়ত ৰুদ্ৰাক্ষৰ মালা বিক্ৰী কৰি থকা অৱস্থাত এজন কন্টেন্ট ক্ৰিয়েটৰৰ ভিডিঅ’ৰ জৰিয়তে মনালিছা নিশাৰ ভিতৰতে ছচিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছিল। এই সমগ্ৰ ঘটনাৰ তদন্ত কেৰালাৰ এটা মন্দিৰৰ পৰা আৰম্ভ হৈছিল য’ত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল বুলি জানিব পৰা গৈছে।

মন্দিৰ কৰ্তৃপক্ষৰ মতে, তেওঁলোকে মনালিছাৰ চিনাক্তকৰণ কাৰ্ডত থকা বয়সৰ ভিত্তিতেই বিবাহ সম্পন্ন কৰিছিল আৰু পিছত সেই বিবাহ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা হৈছিল। অৱশ্যে তদন্তৰ সময়ত এক ডাঙৰ খেলিমেলি ধৰা পৰে য’ত দেখা যায় যে মোনালিসাৰ জন্ম প্ৰমাণপত্ৰ হিচাপে দাখিল কৰা নথিখন আছিল ভুৱা। সেই নথিপত্ৰত তেওঁৰ জন্মৰ তাৰিখ ১ জানুৱাৰী ২০০৮ বুলি দেখুওৱা হৈছিল, যিটো আচল বয়সতকৈ প্ৰায় দুবছৰ বেছি। মহেশ্বৰ পৌৰসভাৰ পৰা জাৰী কৰা বুলি দাবী কৰা এই ভুৱা প্ৰমাণপত্ৰখন ইতিমধ্যে বাতিল কৰিবলৈ নিৰ্দেশ দিছে আয়োগে।

আনহাতে, এই গোচৰটোত ৰাজনৈতিক সংযোগৰ অভিযোগো উত্থাপন হৈছে। গোচৰটো আয়োগৰ ওচৰত দাখিল কৰা অধিবক্তা প্ৰথম ডুবেই দাবী কৰিছে যে কেৰালাৰ চি পি এম নেতাৰ একাংশ আৰু পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ সদস্যই এই বিবাহ আয়োজনত সক্ৰিয় ভূমিকা পালন কৰিছিল।