NORTHEAST NOW (Assamese)
অসম

জিম্মাত নিৰ্য্যাতন : গোৱালপাৰাৰ আৰক্ষী অধীক্ষকক দুবছৰৰ কাৰাদণ্ড কামৰূপ সত্ৰ ন্যায়াধীশৰ

Posted by: এন ই নাও নিউজ June 21, 2018 7:13 pm
amitav sinha sp assam police

হত্যাত অভিযুক্ত এজন লোকক আৰক্ষীৰ জিম্মাত নিৰ্য্যাতন চলোৱাৰ অভিযোগত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাক কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশে আজি ২১ জুনত ২ বছৰ কাৰাদণ্ড বিহিছে।

ভাৰতীয় দণ্ডবিধিৰ ৩২৬ আৰু ৩৩১ ধাৰাৰ অধীনত বিষয়াজনক কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমণাও বিহা হৈছে।

হত্যাৰ অভিযোগ স্বীকাৰ কৰাৰ বাবে অভিযুক্ত গুৰ্মিত সিং নামৰ লোকজনক আৰক্ষীৰ জিম্মাত গুৰুতৰভাৱে আঘাত কৰাৰ অভিযোগত সত্ৰ ন্যায়াধীশে আজি আৰক্ষী বিষয়া সিনহাক দোষী সাব্যস্ত কৰে।

আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হৈ থকা কালত ২০১৩ চনত গুৱাহাটীৰ বশিষ্ঠ থানাত গুৰ্মিত সিঙক নিৰ্য্যাতন চলাইছিল সিনহাই।

জীত সিং নামৰ ব্যৱসায়ী এজনক ২০১২ চনত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা গুৰ্মিত সিঙক ২০১৩ চনৰ ১৭ আৰু ১৮ জুনত বশিষ্ঠ থানাত জেৰা চলোৱা হৈছিল।

তাৰোপৰি বিষয়াজনে আন এগৰাকী আই পি এচ বিষয়াৰ সৈতে লগ হৈ অভিযুক্ত সিঙক বেয়া পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি দিয়া বুলিও অভিযোগ কৰা হৈছিল।

গুৱাহাটীৰ অতিৰিক্ত জিলা ন্যায়াধীশে কামৰূপ (মহানগৰ)ৰ উপ আৰক্ষী আয়ুক্ত হৈ থকা কালত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে অভিযোগ ৰুজু কৰিছিল।