NORTHEAST NOW (Assamese)
Popular Stories

অসমীয়া সংবাদ জগতত শোকৰ ছাঁ: বিশিষ্ট সাংবাদিক তথা সাহিত্যিক নিত্য বৰাৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 22, 2026 3:57 pm

অসমৰ সংবাদ জগত আৰু সাহিত্য জগতলৈ আজি নামি আহিছে এক গভীৰ শোকৰ ছাঁ। অসমীয়া সংবাদ জগতৰ এগৰাকী অতি চিনাকি আৰু বিশিষ্ট ব্যক্তি, প্ৰবীণ সাংবাদিক তথা সাহিত্যিক নিত্য বৰাৰ আজি ২২ এপ্ৰিল তাৰিখে দেহাৱসান ঘটে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি দিনৰ ২:২০ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, তেখেত দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল আৰু চিকিৎসাধীন অৱস্থাত আছিল।

নিত্য বৰা দেৱে অসমৰ আগশাৰীৰ দৈনিক বাতৰি কাকত অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সম্পাদক হিচাপে দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। সাংবাদিকতাৰ সমান্তৰালকৈ তেখেত এগৰাকী সুপ্ৰতিষ্ঠিত লেখক আৰু নিপুণ নিবন্ধকাৰ হিচাপেও পঢ়ুৱৈ সমাজত অতি পৰিচিত আছিল। নিজৰ জীৱনকালত তেখেতে বহুকেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থৰ ৰচনা আৰু সম্পাদনা কৰি থৈ গৈছে।

তেখেতৰ এই বিয়োগে অসমৰ সমাজ জীৱন, সাংবাদিকতা আৰু সাহিত্য জগতত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰয়াত সাংবাদিকগৰাকীৰ শেষকৃত্য গুৱাহাটীত সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে। তেখেতৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গুণমুগ্ধসকলে গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে।