NORTHEAST NOW (Assamese)
জীৱনশৈলী

ৰাতিপুৱা শুই উঠিয়েই হাতত লয় নেকি মোবাইল ফোন? হ’ব পাৰে মস্তিষ্কৰ ভয়ানক ক্ষতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2026 6:45 am

আজিৰ ব্যস্ততাভৰা জীৱনত আমাৰ বহুতেই চকু মেলাৰ লগে লগে প্ৰথম কামটো হ’ল হাতৰ কাষত থকা ম’বাইল ফোনটো বিচাৰি লোৱাটো। এসময়ত পুৱাৰ সময়খিনি অতি শান্ত আৰু নিৰিবিলি আছিল, য’ত মানুহে নিজৰ বাবে কিছু সময় উলিয়াইছিল; কিন্তু এতিয়া দিনটো আৰম্ভ হয় বিভিন্ন ধৰণৰ নটিফিকেচন, হোৱাটছএপ মেছেজ আৰু ছচিয়েল মিডিয়াৰ খবৰবোৰৰ মাজত। এই যান্ত্ৰিক অভ্যাসবোৰক বহু বিশেষজ্ঞই ‘ছিক্স এ.এম. ফোন ৰুল’ বুলি অভিহিত কৰিছে আৰু ইয়াৰ প্ৰভাৱ আমাৰ মস্তিষ্কৰ ওপৰত অতি ভয়ংকৰ হ’ব পাৰে বুলি সতৰ্ক কৰি দিছে।

দেখাত অতি সাধাৰণ যেন লাগিলেও এই অভ্যাসে লাহে লাহে আমাৰ চিন্তা কৰাৰ ধৰণ সলনি কৰি পেলাইছে। বিশেষজ্ঞসকলৰ মতে, টোপনিৰ পৰা উঠাৰ পিছত আমাৰ মস্তিষ্ক অতি শান্ত আৰু সংবেদনশীল অৱস্থাত থাকে। এই সময়ছোৱাত যদি আমি হঠাতে স্ক্ৰীণৰ জৰিয়তে অযুত তথ্যৰ বোজা মগজুত জাপি দিওঁ, তেন্তে মগজুটোৱে প্ৰতিক্ৰিয়াশীল হৈ উঠে। ইয়াৰ ফলত আপোনাৰ দিনটো নিজৰ চিন্তাৰে আৰম্ভ হোৱাৰ পৰিবৰ্তে বাহিৰৰ পৰা অহা নেতিবাচক খবৰ বা তথ্যই আপোনাৰ মন আৰু মেজাজ নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে, যাৰ পৰিণাম স্বৰূপে দিনটোৰ আৰম্ভণিতে এক অনাকাংক্ষিত মানসিক চাপৰ সৃষ্টি হয়।

এই কু-অভ্যাসৰ প্ৰভাৱ এদিনতে বুজি পোৱা নাযায় যদিও দিন বাগৰাৰ লগে লগে ই মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। চকু মেলাৰ লগে লগে ফোনত চকু ফুৰালে একাগ্রতাৰ অভাৱ ঘটে আৰু অতি সোনকালে বিৰক্তি বা খং উঠা দেখা যায়; বহুক্ষেত্ৰত ইয়াৰ ফলত অস্থিৰতা আৰু উদ্বেগ বাঢ়ি যায়। আটাইতকৈ ডাঙৰ কথাটো হ’ল, আমি ফোনৰ মেছেজত ইমান মগ্ন হৈ পৰোঁ যে শৰীৰৰ স্বাভাৱিক প্ৰয়োজন যেনে— পানী খোৱা বা কিছু পৰিমাণে হাত-ভৰি লৰচৰ কৰি ব্যায়াম কৰাৰ কথা পাহৰি যাওঁ। ইয়াৰ পৰা দেখা যায় যে ফোন ব্যৱহাৰ কৰাটো সমস্যা নহয়, বৰঞ্চ ভুল সময়ত ইয়াৰ ব্যৱহাৰেহে আমাৰ মানসিক ছন্দ নষ্ট কৰে। মানসিক সুস্থতাৰ বাবে আৰু দিনটো সঠিকভাৱে আৰম্ভ কৰিবলৈ আমি কিছুমান সৰু পৰিৱৰ্তন কৰাটো অতি জৰুৰী। বিশেষজ্ঞসকলে মত পোষণ কৰে যে টোপনিৰ পৰা উঠাৰ অন্তত ত্ৰিশ মিনিটৰ পৰা এঘণ্টালৈকে ফোনটোৰ পৰা আঁতৰি থাকিব লাগে। এই সময়খিনি নিজৰ বাবে ব্যৱহাৰ কৰি শান্তভাৱে বহি থকা, পানী খোৱা বা দিনটোৰ কামৰ পৰিকল্পনা কৰিলে মনটো সুস্থিৰ হৈ থাকে। যিহেতু পুৱাৰ সময়খিনি হ’ল মনৰ আৰম্ভণি বিন্দু, গতিকে দিনটো ফোনৰ স্ক্ৰীণৰ নিৰ্দেশত নহয়, বৰঞ্চ নিজৰ নিয়ন্ত্ৰণত আৰম্ভ কৰিলেহে এজন ব্যক্তি মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰিব।