NORTHEAST NOW (Assamese)
অসম

অনুজ পোদ্দাৰৰ সৈতে হিমন্তৰ সম্পৰ্ক : মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান বিৰোধী দলপতি দেৱব্ৰতৰ

Posted by: এন ই নাও নিউজ June 22, 2018 7:47 am
Debabrata-Saikia

আয়কৰ বিভাগৰ দ্বাৰা নতুন দিল্লীত অনুজ পোদ্দাৰ নামৰ এজন দালালৰ বাসগৃহত চলোৱা এক অভিযানত ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দালালজনৰ লগত সম্পৰ্ক থকা বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

এক প্ৰেছ বিজ্ঞপ্তিযোগে শইকীয়াই কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ বিষয়টো নিজৰ তত্ত্বাৱধানত তদন্ত কৰি শীঘ্ৰেই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

বিৰোধী দলপতিগৰাকীয়ে এই দাবী উত্থাপন কৰি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত শইকীয়াই  উল্লেখ কৰে যে আয়কৰ বিভাগে ইতিমধ্যে দালাল পোদ্দাৰ আৰু মন্ত্ৰীগৰাকীৰ সম্পৰ্কৰ বিষয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে। এনে প্ৰাথমিক অভিযোগ অসমৰ ৰাইজৰ বাবে অতি উদ্বেগৰ বিষয় কিয়নো এনে অভিযোগে মুখ্যমন্ত্ৰীৰ নিকা প্ৰশাসন আৰু ভ্ৰষ্টাচাৰৰ প্ৰতি শূন্য সহনশীলতাৰ দৰে আশ্বাস উপহাসলৈ পৰিণত কৰিব।

বিৰোধী দলপতি শইকীয়াই  কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত নিজৰ কথা কাৰ্যত ৰূপায়িত কৰাৰ ক্ষেত্ৰত অগ্নিপৰীক্ষাৰ সন্মুখীন হৈছে।

তেওঁ লগতে কয় যে অসমৰ ৰাইজে সোণোৱালক ৰাজ্যৰ নেতৃত্ব দিবলৈ নিৰ্বাচিত কৰিছিল। গতিকে সেই ৰাইজৰ বিশ্বাস ৰক্ষাৰ স্বাৰ্থতে ৰাজহুৱা জীৱনত নৈতিকতা ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ইতিমধ্যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমন্ত আৰু অনুজ পোদ্দাৰৰ সম্পৰ্কৰ বিষয়টোক লৈ সৰৱ হৈ পৰিছে।