NORTHEAST NOW (Assamese)
অসম

এটা যুগৰ পৰিসমাপ্তি! প্ৰসিদ্ধ ফটোগ্ৰাফাৰ ৰঘু ৰাইৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 26, 2026 9:56 am

তেওঁৰ ছবিয়ে কথা কয়। তেওঁ নিজে এগৰাকী চিভিল ইঞ্জিনিয়াৰ আছিল যদিও তেওঁ ফটোগ্ৰাফীক পেছা হিচাপে বাছি লৈছিল। তেওঁৰ ছবিয়ে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছিল। ৮৩ বছৰ বয়সত তেওঁ জীৱন নাট সামৰিলে। তেওঁক আৰু কেতিয়াও হাতত কেমেৰা লৈ জীৱনৰ সন্ধান কৰা দেখা নাযাব।

তেওঁ ৰঘু ৰাই। সকলোৱে তেওঁক ফটোগ্ৰাফাৰ হিচাপে নামটোৰেই চিনি পাইছিল। শনিবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।

ডেৰ শতিকা ধৰি তেওঁ দেশৰ লগতে বিদেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি ফটো তুলিছে। তেওঁৰ কেমেৰাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, দালাই লামা, শিৱসেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰে আৰু চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায় বিভিন্ন ৰূপত বন্দী হৈছে। তেওঁ নিজৰ ছবিৰ বাবে দেশ-বিদেশত বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিছে। বাংলাদেশ যুদ্ধৰ ওপৰত কৰা কামৰ বাবে ৰঘু ৰাইয়ে ১৯৭২ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।

১৯৪২ চনত বৰ্তমানৰ পাকিস্তানৰ ঝাং অঞ্চলত জন্মগ্ৰহণ কৰিছিল। ২৩ বছৰ বয়সত তেওঁ ককায়েক শৰম্পল চৌধুৰী (এছ পল নামেৰে বেছি পৰিচিত)ৰ পৰা ফটোগ্ৰাফী শিকিবলৈ আৰম্ভ কৰে।

১৯৬৫ চনত তেওঁ দ্য ষ্টেটছমেন কাকতত যোগদান কৰে। পিছলৈ তেওঁ ছানডে আৰু ইণ্ডিয়া টুডে আলোচনীতো কাম কৰে। তেওঁৰ কেমেৰাত বন্দী হৈছে বিভিন্ন মুহূৰ্ত। সেই ছবিবোৰে যেন কথা কয়। ক’ব পাৰি যে তেওঁৰ কেমেৰা আৰু চকুৰ জৰিয়তে বিশ্বই আধুনিক ভাৰতৰ সৈতে পৰিচিত হৈছে।

শনিবাৰে নিশা তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে পৰিয়ালে। ৰঘু ৰাইৰ মৃত্যুৰ কথা জানিব পাৰি ছচিয়েল মিডিয়াত চেলিব্ৰিটিসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জনায়।

দেওবাৰে দিল্লীৰ লোধি ৰোডত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি পৰিয়ালে অৱগত কৰিছে।