NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ মঠঘৰীয়াত ৰৈ থকা ট্ৰাকত খুন্দা মাৰিলে তীব্ৰবেগী বাহনে; থিতাতে নিহত ৩ গৰাকী যুৱতী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 26, 2026 10:27 am

দেওবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত গুৱাহাটীৰ মঠঘৰীয়াত এখন তীব্ৰবেগী বাহনে এখন ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাইছে।

মঠঘৰীয়াৰ গেইট হাস্পাতালৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। তাত এখন ট্ৰাক পথৰ দাঁতিত ৰখাই থোৱা আছিল। প্ৰাথমিক তথ্য অনুসৰি AS01GP0562 নম্বৰৰ এখন বাহনে প্ৰচণ্ড জোৰেৰে ৰৈ থকা ট্ৰাকখনত খুন্দা মাৰে।

সংঘৰ্ষৰ তীব্ৰতা ইমানেই ভয়াৱহ আছিল যে গাড়ীৰ ভিতৰত থকা তিনিওগৰাকী যুৱতীৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে গাড়ীখনৰ চালকজনে পলায়ন কৰে আৰু বৰ্তমান তেওঁ পলাতক অৱস্থাত আছে। তেওঁৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে অভিযান চলাই আছে।

মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।

নিহত দুগৰাকী যুৱতীৰ পৰিচয় জানিব পৰা গৈছে। এগৰাকী গোৱালপাৰাৰ পূজা সাহা আৰু আনগৰাকী শিৱসাগৰৰ আকাংক্ষা শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, আকাংক্ষা শইকীয়া ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত কৰ্মৰত আছিল। তেওঁৰ ঘৰ সোণাৰিৰ সাপেখাটিত। তৃতীয়গৰাকী মৃত যুৱতীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।