NORTHEAST NOW (Assamese)
Popular Stories

সোণম ৰঘুবংশীক জামিন, ধনবলৰ ওচৰত হাৰ মানিলো বুলি ৰাজা ৰঘুবংশীৰ ককায়েকৰ আক্ষেপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 28, 2026 6:18 pm

ন্দোৰ চহৰৰ চাঞ্চল্যলকৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডত এক গুৰুত্বপূৰ্ণ আইনী মোৰ পোহৰলৈ আহিছে। এই হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত তথা নিহত ৰাজাৰ পত্নী সোণম ৰঘুবংশীক আদালতে জামিন প্ৰদান কৰিছে। ৰাজাৰ ককায়েক বিপিন ৰঘুবংশীয়ে এই কথা নিশ্চিত কৰিছে। বিপিনে জনোৱা মতে আইনী প্ৰক্ৰিয়াৰ অধীনত অভিযুক্তগৰাকীক জামিন দিয়া হৈছে যদিও কিমান দিনৰ বাবে এই জামিন মঞ্জুৰ কৰা হৈছে সেই বিষয়ে এতিয়াও কোনো সঠিক তথ্য জানিব পৰা হোৱা নাই। ৰাজা ৰঘুবংশীৰ হত্যাৰ পিছৰে পৰা আৰক্ষীয়ে এই গোচৰৰ তীব্ৰ তদন্ত চলাই আছিল আৰু ইতিমধ্যে সোণমকে ধৰি আন আন সন্দেহযুক্ত লোকসকলক গ্ৰেপ্তাৰ কৰি অভিযোগনামাও দাখিল কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু পৰিয়ালটোৱে অহৰহ ন্যায়ৰ দাবী জনাই আহিছে।

বিপিন ৰঘুবংশীয়ে জানিবলৈ দিয়া মতে, উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা যেতিয়া সোণমক আটক কৰা হৈছিল, তেতিয়া আৰক্ষীয়ে তেওঁক কি কাৰণত আটক কৰা হৈছে সেই কথা স্পষ্ট কৰা নাছিল। সোণমৰ অধিবক্তাই আদালতত এই কথাটোকেই যুক্তি হিচাপে দাঙি ধৰিছিল। বিপিনে লগতে কয় যে আদালতৰ শুনানিৰ সময়ত তেওঁক মতা হোৱা নাছিল। ইফালে, আন এক অভিযুক্ত ৰাজ কুশৱাহাৰ জামিনৰ বাবেও আবেদন কৰা হৈছে বুলি জানিব পৰা গৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াত ন্যায় বিচাৰি ৰাজাৰ পৰিয়াল এতিয়া উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ সাজু হৈছে।

বিপিন ৰঘুবংশীয়ে লগতে জনায় যে জামিন পালেও চৰ্ত অনুসৰি সোণমে শ্বিলং এৰি যাব নোৱাৰিব। তেওঁ তীব্ৰ আক্ষেপ প্ৰকাশ কৰি কয় যে তেওঁলোকে আগতেই সন্দেহ কৰিছিল যে সোণমৰ পৰিয়ালৰ ফালৰ পৰা ধনৰ বল প্ৰয়োগ কৰা হব। ধনৰ শক্তিৰ আগত তেওঁলোক হাৰ মানিবলৈ বাধ্য হৈছে বুলিও তেওঁ দুখ প্ৰকাশ কৰে। ন্যায়ৰ আশাত ৰাজাৰ পৰিয়ালে এতিয়া চৰকাৰলৈ আহ্বান জনাইছে যাতে সোণম কোনো কাৰণতে পুনৰ জেলৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে তাৰ বাবে চৰকাৰে কঠোৰ আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰে।