NORTHEAST NOW (Assamese)
অসম

বিদ্যুৎ সংযোগৰ দাবীত নগৰবেৰা-মৰিয়নীত উত্তাল প্ৰতিবাদ

Posted by: এন ই নাও নিউজ June 22, 2018 1:40 pm
electricity_Career in Electrical Power sector

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো স্থানতে বিদ্যুত সংযোগ সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰাৰ নগ্ন স্বৰূপ এতিয়াও প্ৰতিফলিত হৈ আছে দেশৰ বিভিন্ন অঞ্চলৰ লগতে অসমৰ ভিন্ন প্ৰান্তত। শীঘ্ৰে বিদ্যুৎ সংযোগৰ দাবীত আজি অসমৰ দুটা ভিন্ন প্ৰান্তত দেখা গ’ল অভিনৱ প্ৰতিবাদ।

নগৰবেৰা : বছৰ বছৰ ধৰি কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাৰ নাইটৰ অঞ্চলবাসীক শক্তি বিভাগে বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত কৰি অহাৰ প্ৰতিবাদত আজি দেখা গ’ল এক অভিনৱ প্ৰতিবাদ । হয়, সঘনাই প্ৰতিবাদ সাব্যস্ত হৈ থকা এইখন অসমত আগতে হয়তো এনে প্ৰতিবাদ কোনেও দেখা নাই।

আজি নাইটৰ অঞ্চলবাসীয়ে অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰি বিদ্যুতৰ খুঁটাত ম’বাইল চাৰ্জ দি, লেম্প ওলমাই সাব্যস্ত কৰিছে প্ৰতিবাদ।

উল্লেখ্য যে গাঁওখনত বিদ্যুতৰ খুঁটা পোতা ৭–৮ বছৰ হ’ল যদিও আজিলৈ বিজুলি চাকিৰ পোহৰ নপৰাত অতিষ্ঠ হৈ স্থানীয় ৰাইজে শক্তি বিভাগৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদত নমা পৰিলক্ষিত হ’ল।

মৰিয়নী : আনহাতে মৰিয়নীতো বিদ্যুৎ সংযোগৰ দাবীত দেখা গ’ল আছাৰ উত্তাল প্ৰতিবাদ। মৰিয়নীৰ বৈছাহাবিৰ পুৰণা গাঁৱবাসী বছৰ বছৰ ধৰি উপেক্ষিত হৈ অহাৰ বাবেই আজি সংগঠনটোৰ নেতৃত্বত ধোদৰআলি পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে ২০ বছৰ ধৰি বিদ্যুতৰ পৰা বঞ্চিত হৈ আছে গাঁওখনৰ বাসিন্দাসকল।