NORTHEAST NOW (Assamese)
Popular Stories

চীনত নিৰ্মিত সস্তীয়া পোছাক পিন্ধি হোৱাইট হাউছত আমেৰিকাৰ প্ৰতিৰক্ষা সচিবৰ পত্নী, বিশ্বজুৰি চৰ্চা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 30, 2026 8:56 pm

আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ পত্নী জেনিফাৰ ৰেচেটছে শেহতীয়াকৈ হোৱাইট হাউছৰ এক নৈশভোজত পিন্ধা এটা গোলাপী ৰঙৰ পোছাকক লৈ বৰ্তমান দেশখনৰ ৰাজনৈতিক আৰু সামাজিক মহলত তীব্ৰ চৰ্চা চলিছে। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই পোছাকজোৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মূল কাৰণ হল ইয়াৰ অতি কম মূল্য। নেটিজেনসকলৰ মতে এই পোছাকজোৰৰ দাম ভাৰতীয় টকাৰ হিচাপত চাৰি হাজাৰতকৈ অধিক হোৱাৰ সম্ভাৱনা নাই। আনকি এটা ব্ৰিটিছ ৱেবছাইটত হুবহু একেই ডিজাইনৰ পোছাক মাত্ৰ ৩৯০০ টকাত বিক্ৰী হৈ থকাটোও পোহৰলৈ আহিছে। ইয়াৰ লগতে তেওঁ পৰিধান কৰা জোতা আৰু হাতত লোৱা বেগটোও অতি সুলভ মূল্যৰ বুলি একাংশই দাবী কৰিছে।

এই ঘটনাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ প্ৰধান কাৰণটো হল পিট হেগছেথৰ ৰাজনৈতিক আদৰ্শ। হেগছেথে সদায় আমেৰিকা প্ৰথম নীতিৰ কথা কৈ আহিছে আৰু ৰাষ্ট্ৰীয়তাবাদৰ ওপৰত গুৰুত্ব দিছে। এনে পৰিপ্ৰেক্ষিতত তেওঁৰ পত্নীয়ে বিদেশত নিৰ্মিত আৰু বিশেষকৈ চীনৰ দৰে দেশৰ পৰা অহা সস্তীয়া অনলাইন প্লেটফৰ্মৰ কাপোৰ পিন্ধাটোৱে বহুতকে আচৰিত কৰি তুলিছে। ফেশ্বন বিশেষজ্ঞ ডায়েট প্ৰাডাই আঙুলিয়াই দিছে যে জেনিফাৰে এনে সস্তীয়া পোছাক পিন্ধাটো এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তেওঁক বহু ডাঙৰ অনুষ্ঠানত তেনেই সাধাৰণ আৰু কম খৰচী সাজত দেখা গৈছিল।

এই বিতৰ্কই কেৱল ৰাজনৈতিক দিশটোৱেই নহয়, বৰঞ্চ ফেষ্ট-ফেশ্বন উদ্যোগৰ নৈতিকতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। জেনিফাৰে যিবোৰ কোম্পানীৰ কাপোৰ পিন্ধা বুলি চৰ্চা হৈছে, সেই কোম্পানীসমূহৰ বিৰুদ্ধে শ্ৰমিক শোষণৰ দৰে গুৰুতৰ অভিযোগ আছে। সেয়েহে এগৰাকী উচ্চপদস্থ চৰকাৰী বিষয়াৰ পত্নীয়ে এনে বিতৰ্কিত প্ৰতিষ্ঠানৰ সামগ্ৰী ব্যৱহাৰ কৰাটো কিমান যুক্তিগত তাক লৈ সমালোচনা হৈছে। একাংশই ইয়াক অনৈতিক বুলি অভিহিত কৰিছে যদিও আন একাংশই আকৌ জেনিফাৰৰ এই কাৰ্যক সমৰ্থনহে কৰিছে।

জেনিফাৰৰ সমৰ্থকসকলৰ মতে এই পোছাকজোৰে তেওঁৰ অতি সহজ-সৰল জীৱনশৈলীৰ পৰিচয়হে দিছে। তেওঁলোকৰ মতে চেলিব্ৰিটি বা ক্ষমতাশালী ব্যক্তিয়ে সদায় দামী ডিজাইনাৰ পোছাক পিন্ধিব লাগে বুলি কোনো ধৰা-বন্ধা নিয়ম থাকিব নালাগে। যদি তেওঁ দামী পোছাক পিন্ধিলেহেঁতেন, তেন্তে হয়তো তেওঁক বিলাসিতাৰ বাবে সমালোচনা কৰা হলহেঁতেন। সেয়েহে সকলো সমালোচনাৰ মাজতো একাংশই জেনিফাৰৰ এই সাহসী পদক্ষেপক প্ৰশংসা কৰিছে।