NORTHEAST NOW (Assamese)
Popular Stories

৬ কোটি ভোটাৰৰ অধিকাৰ খৰ্বৰ অভিযোগ! নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ দেশৰ নাগৰিক সমাজৰ প্ৰতিনিধিসকল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2026 6:41 pm

ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২০২৫ চনৰ জুন মাহৰ পৰা আৰম্ভ কৰা ভোটাৰ তালিকাৰ ‘বিশেষ ক্ষীপ্ৰ সংশোধন’ (Special Intensive Revision বা SIR) প্ৰক্ৰিয়াক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছেএক যুটীয়া প্ৰেছ বিবৃতিযোগে দেশৰ নাগৰিক সমাজৰ প্ৰতিনিধিসকলে এই প্ৰক্ৰিয়াটো অগণতান্ত্ৰিক, অস্বচ্ছ আৰু বৈষম্যমূলক বুলি অভিহিত কৰি ইয়াক তৎকালীনভাৱে বাতিল কৰিবলৈ দাবী জনাইছেইতিমধ্যে ১০ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰায় ৬ কোটি ভোটাৰ নিজৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে

বিবৃতিটোত উল্লেখ কৰা অনুসৰি, এই পৰ্যায়লৈকে সম্পন্ন হোৱা এছ আই আৰ প্ৰক্ৰিয়াত বৃহৎসংখ্যক বৈধ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছেকেৱল পশ্চিম বংগতেই প্ৰায় ৩৫ লাখ ভোটাৰে কোনো দোষ নোহোৱাকৈয়ে নিজৰ ভোটাধিকাৰ হেৰুৱাবলগীয়া হৈছে বুলি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত প্ৰকাশ কৰিছেভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকসকলৰ ভিতৰত মূলত সংখ্যালঘু, আদিবাসী, দলিত, প্ৰব্ৰজিত শ্ৰমিক, দিন হাজিৰা কৰা লোক আৰু যাযাবৰী সম্প্ৰদায়ৰ লোক অধিক বুলি উল্লেখ কৰি প্ৰতিনিধিসকলে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছেআনকি এই প্ৰক্ৰিয়াত মহিলাসকল অধিক ক্ষতিগ্ৰস্ত হোৱা বুলিও দাবী কৰিছেআটাইতকৈ আশ্চৰ্যজনক কথাটো হ‘ল যে নোবেল বঁটা বিজয়ী অমৰ্ত্য সেন, প্ৰাক্তন নৌসেনা প্ৰধান এডমিৰেল অৰুণ প্ৰকাশ, ক্ৰিকেটাৰ মহম্মদ ছামী আৰু কবি জয় গোস্বামীৰ দৰে বিশিষ্ট ব্যক্তিৰ নামো এই তালিকাৰ পৰা বাদ পৰিছে, যিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোৰ ত্ৰুটিপূৰ্ণ দিশটো উদঙাই দিছে

এই বিসংগতিৰ পৰিপ্ৰেক্ষিতত অসামৰিক সমাজৰ প্ৰতিনিধিসকলে নিৰ্বাচন আয়োগৰ বৰ্তমানৰ কাৰ্যপ্ৰণালীক তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকে অভিযোগ কৰিছে যে সংবিধানৰ ৩২৪ নং অনুচ্ছেদ অনুসৰি এক নিৰপেক্ষ সংস্থা হিচাপে দায়িত্ব পালন কৰাৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগে শাসকীয় পক্ষৰ অনুকূল স্থিতিত অৱতীৰ্ণ হৈছে। সেয়েহে এই বৰ্তমানৰ নিৰ্বাচন আয়োগক আঁতৰাই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত স্বচ্ছ আৰু নিৰপেক্ষ সংসদীয় তদাৰকী ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে। লগতে, গ্ৰাম সভাৰ পৰা আৰম্ভ কৰি বিধানসভা আৰু লোকসভালৈকে এখন উমৈহতীয়া আৰু স্বচ্ছ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ওপৰত বিবৃতিটোত গুৰুত্ব আৰোপ কৰিছে। অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ নামত আৰম্ভ কৰা এই এছ আই আৰ প্ৰক্ৰিয়াটো যদি অব্যাহত ৰাখিবলৈ হয়, তেন্তে ‘কেগ’ (CAG) নিৰ্ধাৰিত মানদণ্ড অনুসৰি কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিব লাগিব বুলিও দাবী জনাইছে দেশৰ নাগৰিক সমাজে।

ইয়াৰ উপৰিও, আগন্তুক সময়ত পশ্চিম বংগ, তামিলনাডু, কেৰালা, অসম আৰু পণ্ডিচেৰীত নিৰ্বাচনী ফলাফলক প্ৰভাৱিত কৰাৰ কোনো ধৰণৰ চেষ্টা চলোৱাৰ পৰা বিৰত থাকিবলৈ আয়োগক সকীয়াই দিয়া হৈছেবৰ্তমান এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এক গোচৰৰ শুনানি অব্যাহত আছেএই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে প্ৰতিগৰাকী ভোটাৰৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিব পৰাকৈ এক ন্যায়সংগত ৰায়দান কৰিব বুলি দেশৰ নাগৰিক সমাজে আশা প্ৰকাশ কৰিছেনিৰ্বাচন আয়োগে যদি এই দাবীসমূহ আওকাণ কৰি সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি নিজৰ অৱজ্ঞা অব্যাহত ৰাখে, তেন্তে আগন্তুক দিনত সমগ্ৰ দেশজুৰি তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে