NORTHEAST NOW (Assamese)
দেশ

পঞ্জাবত আপ মন্ত্ৰীৰ বাসগৃহত ইডিৰ অভিযান : ২০খন বাহনৰ কনভয় লৈ উপস্থিত হ’ল কেন্দ্ৰীয় সংস্থা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2026 5:46 pm

পঞ্জাবৰ আম আদমি পাৰ্টিৰ মন্ত্ৰী সঞ্জীব অৰোৰাৰ বাসগৃহত শনিবাৰে পুৱাই এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিৰ এটা দলে অভিযান চলায়। তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি মন্ত্ৰীগৰাকী আৰু তেওঁৰ কেইবাজনো সহযোগীৰ বিৰুদ্ধে ধনৰ অবৈধ লেনদেনৰ গোচৰত এই তালাচী চলোৱা হৈছে। উল্লেখযোগ্য যে বিগত এবছৰৰ ভিতৰত এই লৈ তৃতীয়বাৰৰ বাবে মন্ত্ৰীগৰাকীৰ বাসগৃহ আৰু বিভিন্ন স্থানত ইডিয়ে অভিযান চলাইছে। কেৱল এমাহৰ ভিতৰতে এয়া দ্বিতীয়টো অভিযান বুলি জানিব পৰা গৈছে। শনিবাৰে মন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহৰ লগতে আন চাৰিটা স্থানতো কেন্দ্ৰীয় সংস্থাটোৱে তালাচী চলায়।

ইয়াৰ পূৰ্বে যোৱা এপ্ৰিল মাহতো মন্ত্ৰী অৰোৰাৰ কেইবাটাও ঠিকনাত ইডিয়ে অভিযান চলাইছিল। সেই সময়ত চণ্ডীগড় আৰু দিল্লীৰ কেইবাখনো ঠাইত তালাচী চলোৱা হৈছিল। শনিবাৰৰ এই অভিযানক লৈ পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ অভিযোগ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে ইডিৰ দৰে সংস্থাক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে। বিজেপিৰ নিৰ্দেশত ইডিয়ে সঞ্জীব অৰোৰাক হাৰাশাস্তি কৰা বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে ইয়াৰ পূৰ্বে দুবাৰকৈ অভিযান চলাইও ইডিয়ে মন্ত্ৰীগৰাকীৰ ঘৰৰ পৰা একো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিব পৰা নাই।

মুখ্যমন্ত্ৰী ভগৱন্ত মানে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে ইডি আৰু বিজেপি মিলি বিৰোধীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে। ২০২৪ চনত লুধিয়ানা পশ্চিম সমষ্টিৰ বিধায়কগৰাকীৰ বিৰুদ্ধে ধনৰ অবৈধ লেনদেনৰ অভিযোগ উত্থাপিত হৈছিল। সেই অভিযোগৰ ভিত্তিতে ইডিৰ এটা ডাঙৰ দলে দিল্লী, গুৰুগ্ৰাম আৰু চণ্ডীগড়ৰ বিভিন্ন স্থানত শনিবাৰে দিনজোৰা তালাচী চলায়। ইডিৰ এই অভিযানক লৈ বৰ্তমান পঞ্জাবৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।