NORTHEAST NOW (Assamese)
দেশ

সোণ-ৰূপৰ দাম বৃদ্ধিৰ সম্ভাৱনা! আমদানিকৃত সোণৰ ওপৰত ১৫ শতাংশ শুল্ক ধাৰ্য কৰিলে কেন্দ্ৰীয় চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 13, 2026 10:01 am

দেশত সোণ আৰু ৰূপৰ মূল্য এক বুজাব নোৱাৰা উচ্চতালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা দিছে। কেন্দ্ৰীয় চৰকাৰে হঠাতে সোণ আৰু ৰূপৰ ওপৰত আমদানি শুল্ক ৯ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ আগতে এই দুয়োবিধ বহুমূলীয়া ধাতুৰ ওপৰত ৬ শতাংশ আমদানি শুল্ক আছিল, যিটো এতিয়া বৃদ্ধি কৰি পোনে পোনে ১৫ শতাংশ কৰা হৈছে। বুধবাৰৰ পৰা কাৰ্যকৰী হোৱা এই নতুন নিয়মৰ ফলত সোণ আৰু ৰূপৰ বজাৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি স্বৰ্ণ ব্যৱসায়ীসকলে আশংকা প্ৰকাশ কৰিছে। বিশেষকৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আগন্তুক এবছৰৰ বাবে সোণ ক্ৰয় নকৰিবলৈ অনুৰোধ জনোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

চৰকাৰী সূত্ৰ অনুসৰি এতিয়াৰে পৰা সোণ আৰু ৰূপৰ ওপৰত ১০ শতাংশ আমদানি শুল্কৰ লগতে ৫ শতাংশ কৃষি আন্তঃগাঁথনি আৰু উন্নয়ন চেচ জাপি দিয়া হৈছে। ইয়াৰ ফলত দেশলৈ বাহিৰৰ পৰা অহা সোণৰ দাম যথেষ্ট বাঢ়ি যাব। চৰকাৰে আশা কৰিছে যে এই সিদ্ধান্তৰ ফলত বিদেশৰ পৰা সোণ আমদানি কৰাৰ হাৰ কমিব আৰু ইয়াৰ দ্বাৰা দেশৰ বাণিজ্য ঘাটিও হ্ৰাস পাব। ইয়াৰ উপৰিও ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্ৰাস পোৱা কাৰ্যকো ইয়াৰ জৰিয়তে বাধা দিব পৰা যাব বুলি কেন্দ্ৰই বিশ্বাস কৰে। ভাৰত বৰ্তমান বিশ্বৰ দ্বিতীয় বৃহত্তম সোণ ব্যৱহাৰকাৰী দেশ হোৱাৰ বাবে চাহিদা পূৰণ কৰিবলৈ চৰকাৰে বিশাল পৰিমাণৰ বৈদেশিক মুদ্ৰা ব্যয় কৰিবলগীয়া হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে দেশবাসীক বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৰক্ষা কৰিবলৈ আহ্বান জনাইছিল। তথ্য অনুসৰি এপ্ৰিল মাহৰ শেষৰ ফালে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ বহুখিনি হ্ৰাস পাইছে। বৰ্তমান পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ দৰে পৰিস্থিতিৰ বাবে কেঁচা তেলৰ দাম বৃদ্ধি পাইছে আৰু ইয়াৰ লগে লগে আমদানিৰ খৰচো বাঢ়িছে। এনে এক অস্থিৰ অৰ্থনৈতিক পৰিৱেশত দেশৰ অৰ্থনীতি সুস্থিৰ কৰি ৰাখিবলৈ চৰকাৰে সোণ আমদানিৰ ওপৰত নিয়ন্ত্ৰণ আনিব বিচাৰিছে। ভাৰতত বছৰি প্ৰায় ৭০০ৰ পৰা ৮০০ টন সোণৰ প্ৰয়োজন হয় যদিও দেশৰ ভিতৰত মাত্ৰ এক বা দুই টনহে সোণ উৎপাদন হয়। গতিকে প্ৰায় ৯০ শতাংশ সোণেই বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হয়।

চৰকাৰৰ এই নতুন পদক্ষেপে সাধাৰণ গ্ৰাহকৰ ওপৰত মাধমাৰ শোধাব পাৰে যদিও দেশৰ সামগ্ৰিক অৰ্থনীতিৰ বাবে ইয়াক প্ৰয়োজনীয় বুলি কোৱা হৈছে। বিদেশলৈ ওলাই যোৱা ধনৰ পৰিমাণ কমাই দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাই হৈছে এই কৰ বৃদ্ধিৰ মূল লক্ষ্য। যিহেতু দেশত সোণত বিনিয়োগ কৰাৰ ধাউতি বাঢ়ি গৈছে, সেয়েহে চৰকাৰে এই বিনিয়োগক অন্য দিশলৈ নিবলৈ বা সাময়িকভাৱে স্তিমিত কৰিবলৈ বিচাৰিছে। বৰ্তমানৰ এই পৰিস্থিতিত সোণ ক্ৰয় কৰাটো সাধাৰণ মানুহৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিব পাৰে।