NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে জেনেভাত খিলঞ্জীয়া মঞ্চৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ June 23, 2018 1:13 pm
Indigenous-forum-570x320

ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয় সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা  ৩০ টাতকৈয়ো অধিক সংগঠনৰ যৌথ মঞ্চ খিলঞ্জীয়া মঞ্চ, অসমে শুকুৰবাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে ব্ৰকেন চেয়াৰৰ সমীপৰ জেনেভাৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ জৰিয়তে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অবৈধভাৱে প্ৰব্ৰজন কৰা কেইটামান সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে। ইয়াৰ বাবে প্ৰস্তাৱিত বিধেয়কখনৰ জৰিয়তে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ সংশোধন কৰিব বিচৰা হৈছে।

খিলঞ্জীয়া মঞ্চৰ সদস্যসকলে শুকুৰবাৰে চুইজাৰলেণ্ডৰ জেনেভাত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। অসমত এই প্ৰস্তাৱিত বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল-সংগঠনে সবল প্ৰতিবাদ কৰি গণ আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিছে।

জেনেভাত প্ৰতিবাদ সাৱ্যস্ত কৰাৰ জৰিয়তে খিলঞ্জীয়া মঞ্চ, অসমে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগতো আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো দাঙি ধৰাৰ প্ৰয়াস কৰিছে।