NORTHEAST NOW (Assamese)
Popular Stories

ইৰাণী অভিনেত্ৰীৰ সৈতে ‘ৰোমান্টিক বাৰ্তালাপ’— ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক পূৰ্ণহতীয়া চৰ সোধালে পত্নীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2026 9:28 am

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু তেওঁৰ পত্নী ব্ৰীজিটৰ মাজত ঘটা এটা অপ্ৰীতিকৰ ঘটনাৰ ভিডিঅশেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। এই ভিডিঅটোত দেখা গৈছে যে পত্নী ব্ৰীজিটে ৰাষ্ট্ৰপতি মেক্ৰনক সকলোৰে আগতে এটা প্ৰচণ্ড চৰ মাৰিছে। প্ৰথমে মেক্ৰনে এই সমগ্ৰ ঘটনাটোক স্বামী-স্ত্ৰীৰ মাজৰ সাধাৰণ ধেমালি বুলি কৈছিল। কিন্তু এতিয়া এই চৰ মৰা ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিছে। এখন নতুন কিতাপত দাবী কৰা হৈছে যে এইটো কোনো ধেমালি নাছিল, বৰঞ্চ ইয়াৰ আঁৰত আছিল এক ডাঙৰ কাৰণ।

ফ্লৰিয়ান টাৰ্ডিফ নামৰ লেখকজনৰ পাৰফেক্ট কাপল নামৰ এখন কিতাপত এই ঘটনাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। কিতাপখনত দাবী কৰা অনুসৰি, মেক্ৰনৰ পত্নীয়ে হঠাতে গম পাইছিল যে তেওঁৰ স্বামীয়ে ইৰাণী অভিনেত্ৰী গোলশ্বিফ্টেহ ফাৰাহানীৰ সৈতে কথা পাতি আছিল। মেক্ৰনে অভিনেত্ৰীগৰাকীক মেছেজত লিখিছিল যে তুমি সঁচাকৈয়ে বহুত ধুনীয়া। স্বামীৰ এনে কথা দেখি ব্ৰীজিটৰ খং উঠে আৰু লগে লগেই এই চৰ মৰা ঘটনাটো ঘটে।

এই ঘটনাটো সেই সময়ত ঘটিছিল যেতিয়া ৰাষ্ট্ৰপতি মেক্ৰন আৰু তেওঁৰ পত্নীয়ে ভিয়েটনাম আৰু ইণ্ডোনেছিয়া ভ্ৰমণলৈ গৈছিল। তেওঁলোকৰ বিমানখন ভিয়েটনামৰ ৰাজধানী হানয়ত উপস্থিত হোৱাৰ পিছত যেতিয়া দুৱাৰ মুকলি কৰা হৈছিল, তেতিয়াই এই ঘটনা ঘটে। বিমানৰ পৰা নামিবলৈ সাজু হোৱাৰ সময়তে পত্নীয়ে মেক্ৰনৰ গালত চৰ সোধায়। এই আকস্মিক ঘটনাত মেক্ৰন আচৰিত হৈ পৰে। অৱশ্যে লগে লগে দুয়ো নিজকে চম্ভালি লৈ বিমানৰ পৰা তললৈ নামি আহে। মেক্ৰনে পত্নীৰ হাত ধৰিবলৈ চেষ্টা কৰিছিল যদিও ব্ৰীজিটে তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিছিল।

ভিডিঅটো ভাইৰেল হোৱাৰ পাছত মেক্ৰনে কৈছিল যে তেওঁলোকৰ মাজত সাধাৰণ কথা-কটাকটি আৰু ধেমালিহে হৈছিল। মানুহে এই কথাবোৰক বহুত বেছি বঢ়াই-টুটি কোৱা বুলিও তেওঁ আক্ষেপ প্ৰকাশ কৰিছিল। তেওঁ আনকি কৈছিল যে একাংশ মানুহে ইয়াৰ আঁৰত ষড়যন্ত্ৰ থকা বুলিও মিছা কথা বিয়পাইছে আৰু তেওঁলোকে সঘনাই এনে ধেমালি কৰে। কিন্তু মেক্ৰনৰ এই দাবীৰ বিপৰীতে নতুন কিতাপখনে সম্পূৰ্ণ বেলেগ কথা পোহৰলৈ আনিছে। অৱশ্যে ফাৰ্ষ্ট লেডী অৰ্থাৎ মেক্ৰনৰ পত্নীৰ প্ৰতিনিধিৰ ফালৰ পৰা এই সকলোবোৰ দাবী ভিত্তিহীন বুলি কোৱা হৈছে।