ভুৱা ডিগ্ৰীধাৰীসকলকহে সমালোচনা কৰিছিলো, যুৱক-যুৱতীসকলক লৈ মই গৌৰৱান্বিত: স্পষ্টীকৰণ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ

যোৱাকালি নৱপ্ৰজন্মৰ বিষয়ে কৰা এটা মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত আজি ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে সমগ্ৰ বিষয়টো স্পষ্ট কৰি দিছে। তেওঁ দুখ প্ৰকাশ কৰি কয় যে সংবাদ মাধ্যমৰ একাংশই তেওঁৰ কথাবোৰ ভুলকৈ উপস্থাপন কৰিছে। তেওঁ প্ৰকৃততে দেশৰ যুৱক-যুৱতীসকলক সমালোচনা কৰা নাছিল। বৰঞ্চ যিসকল লোকে ভুৱা ডিগ্ৰী লৈ বিভিন্ন সন্মানীয় পেছাত সোমাই পৰিছে, তেওঁলোককহে পৰজীৱী বুলি সমালোচনা কৰিছিল।
মুখ্য ন্যায়াধীশগৰাকীয়ে আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে যে কালিৰ শুনানিত তেওঁ কোৱা কথাবোৰ সংবাদ মাধ্যমত ভুলকৈ প্ৰচাৰ হোৱা দেখি তেওঁ বৰ আঘাত পাইছে। তেওঁ কেৱল সেইসকল লোককহে আঙুলিয়াই দিছিল যিসকলে ভুৱা আৰু জাল প্ৰমাণপত্ৰৰ সহায়ত ওকালতি, সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰত প্ৰৱেশ কৰিছে। এনেকুৱা অসাধু কাম কৰা লোকসকলকহে তেওঁ সমাজৰ পৰজীৱী বুলি আখ্যা দিছিল।
যুৱক-যুৱতীসকলক সমালোচনা কৰা বুলি ওলোৱা খবৰটো তেওঁ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি উলাই কৰে। দেশৰ যুৱশক্তিক প্ৰশংসা কৰি তেওঁ কয় যে আমাৰ দেশৰ যুৱ প্ৰজন্মক লৈ তেওঁ সদায় গৌৰৱ কৰে আৰু প্ৰতিগৰাকী ভাৰতীয় যুৱকেই তেওঁক অনুপ্ৰাণিত কৰে। তেওঁ লগতে কয় যে ভাৰতীয় যুৱক-যুৱতীসকলে তেওঁক বহুত সন্মান কৰে আৰু তেৱোঁ তেওঁলোকক এখন উন্নত ভাৰতৰ মূল স্তম্ভ বুলি গণ্য কৰে।
উল্লেখ্য যে, ইয়াৰ আগৰ এখন শুনানিত মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে সমাজৰ কিছুমান দিশক লৈ উদ্বেগ প্ৰকাশ কৰি কিছু কঠোৰ ভাষা ব্যৱহাৰ কৰিছিল। আদালতত তেওঁ কৈছিল যে সমাজত এনে কিছুমান পৰজীৱী আছে যিয়ে আমাৰ ব্যৱস্থাটোক বেয়াকৈ প্ৰভাৱিত কৰিছে। তেওঁ একাংশ নিবনুৱাক তেলপৰুৱাৰ সৈতে তুলনা কৰি কৈছিল যে যিসকলে নিজৰ অযোগ্যতাৰ বাবে কোনো পেছাতে স্থান নাপায়, তেওঁলোকে পিছলৈ সংবাদ মাধ্যম, ছচিয়েল মিডিয়া বা আৰ টি আই কৰ্মী হৈ সমাজৰ আন লোকসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। এই কথাখিনিকেই পিছলৈ ভুলকৈ প্ৰচাৰ কৰা হৈছিল বুলি তেওঁ আজি স্পষ্ট কৰি দিয়ে।