NORTHEAST NOW (Assamese)
Popular Stories

নৱম-দশম শ্ৰেণীত পঢ়িব লাগিব ৩ টাকৈ ভাষা! ১ জুলাইৰ পৰা চিবিএছইৰ নতুন নিয়ম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 16, 2026 6:44 pm

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইয়ে সমাগত ১ জুলাইৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ আধাৰ ২০২৩-ৰ সৈতে সংগতি ৰাখি পৰিষদখনে এই নতুন ত্ৰি-ভাষা নীতিৰ কথা ঘোষণা কৰিছে। এই নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিবলগীয়া তিনিটা ভাষাৰ ভিতৰত অন্ততঃ দুটা ভাষা থলুৱা ভাৰতীয় ভাষা হোৱাটো বাধ্যতামূলক। অৱশ্যে দশম শ্ৰেণীৰ বৰ্ডৰ পৰীক্ষাত এই তৃতীয় ভাষাটোৰ কোনো বাহ্যিক মূল্যায়ন বা পৰীক্ষা অনুষ্ঠিত নহ, বৰঞ্চ বিদ্যালয় পৰ্যায়তেই ইয়াৰ আভ্যন্তৰীণ মূল্যায়ন কৰা হব বুলি পৰিষদে স্পষ্ট কৰি দিছে।

চিবিএছইয়ে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰা অনুসৰি ছাত্ৰ-ছাত্ৰীৰ ওপৰত থকা অতিৰিক্ত শৈক্ষিক হেঁচা হ্ৰাস কৰিবলৈ আৰু কেৱল শিক্ষাগ্ৰহণৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈকে তৃতীয় ভাষাটোৰ বাবে দশম শ্ৰেণীত বৰ্ডৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। পৰিষদৰ প্ৰমাণপত্ৰত এই ভাষাৰ প্ৰদৰ্শন কেৱল বিদ্যালয়ে প্ৰদান কৰা আভ্যন্তৰীণ নম্বৰৰ ভিত্তিতহে সন্নিৱিষ্ট কৰা হব। আনহাতে, যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে বিদেশী ভাষা অধ্যয়ন কৰিব বিচাৰে, তেন্তে তেওঁলোকে আন দুটা ভাষা ভাৰতীয় হিচাপে বাছনি কৰিব লাগিব অথবা বিদেশী ভাষাটোক চতুৰ্থ ভাষা হিচাপেহে গ্ৰহণ কৰিব পাৰিব। বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী, ভাৰতত অধ্যয়নৰত বিদেশী শিক্ষাৰ্থী আৰু বিদেশত থকা চিবিএছই অনুমোদিত বিদ্যালয়সমূহৰ বাবে এই নীতিৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হৈছে।

এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বৰ্তমান থকা আন্তঃগাঁথনিমূলক প্ৰত্যাহ্বানসমূহক লৈ একাংশ শিক্ষাবিদে ইতিমধ্যে উদ্বেগ প্ৰকাশ কৰিছে। বৰ্তমান সময়লৈকে মাধ্যমিক পৰ্যায়ৰ বাবে তৃতীয় ভাষাৰ কোনো নিৰ্দিষ্ট পাঠ্যপুথি প্ৰস্তুত হৈ উঠা নাই। সেয়েহে পৰিষদে নিৰ্দিষ্ট পাঠ্যক্ৰম প্ৰস্তুত নোহোৱালৈকে বিদ্যালয়সমূহক ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি আৰু স্থানীয় গল্প, কবিতা আদিৰ সহায় লৈ পাঠদান অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিছে। ইয়াৰ লগতে, বিদ্যালয়সমূহত থকা ভাষা শিক্ষকৰ অভাৱ পূৰণ কৰাৰ বাবে চিবিএছইয়ে ওচৰৰ বিদ্যালয়ৰ সৈতে শিক্ষক বিনিময় কৰা, ভাৰ্চুৱেল বা হাইব্ৰিড মাধ্যমৰ ব্যৱহাৰ কৰা আৰু প্ৰয়োজনসাপেক্ষে অৱসৰপ্ৰাপ্ত শিক্ষকৰ সেৱা গ্ৰহণ কৰাৰো এক অস্থায়ী ব্যৱস্থাৰ অনুমতি প্ৰদান কৰিছে। আগন্তুক ৩০ জুনৰ ভিতৰত সকলো বিদ্যালয়ক চিবিএছইৰ ‘OASIS’ ৰ্টেলত তেওঁলোকৰ ভাষা বাছনিৰ তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।