NORTHEAST NOW (Assamese)
Popular Stories

ৰাইজৰ প্ৰতিবাদৰ ওচৰত সেও মানিলে নে অন্য গোপন অভিসন্ধি! জাগীৰোডত ছেটেলাইট টাউনশ্বিপৰ জৰীপ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 18, 2026 8:38 pm

মৰিগাঁও জিলাৰ জাগীৰোডৰ অন্তৰ্গত সিন্ধিসাৰ আৰু নলাধৰা গাঁৱত প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপ প্ৰকল্পক কেন্দ্ৰ কৰি চলি থকা জৰীপ কাৰ্য জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিছে। এই প্ৰকল্পটোক লৈ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে উত্থাপন কৰা তীব্ৰ আপত্তি আৰু উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে জৰীপ প্ৰক্ৰিয়া বন্ধ কৰাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

এই সন্দৰ্ভত অনামিকা তিৱাৰীয়ে জাৰি কৰা এখন ৰাজহুৱা জাননীত প্ৰকাশ কৰা অনুসৰি, প্ৰস্তাৱিত উপগ্ৰহীয় নগৰী প্ৰকল্পৰ সৈতে সংগতি ৰাখি পুনৰ্সংস্থাপন আৰু পুনৰ্বাসনৰ প্ৰস্তাৱ প্ৰস্তুত কৰাৰ উদ্দেশ্যেই অঞ্চলটোত এই জৰীপ চলোৱা হৈছিল। পিছে প্ৰকল্পটোক লৈ বিভিন্ন গোট আৰু সংগঠনে দাখিল কৰা অভিযোগ আৰু ভৱিষ্যতৰ আশংকাৰ ওপৰত ভিত্তি কৰি জিলা প্ৰশাসনে বাধ্য হৈ জৰীপ প্ৰক্ৰিয়াটো মাজবাটতে স্থগিত ৰাখিবলগীয়া হয়। প্ৰশাসনে স্পষ্ট কৰি দিছে যে ৰাইজৰ সমস্যা আৰু সন্মতিক অগ্ৰাধিকাৰ দিয়েই এই সিদ্ধান্ত লোৱা হৈছে।

প্ৰশাসনৰ ফালৰ পৰা এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি জাননীখনৰ প্ৰতিলিপি ইতিমধ্যে জাগীৰোডৰ মহকুমাধিপতি, মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়ালৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে। এই বিষয়টো যাতে ৰাইজৰ মাজত বহুলভাৱে প্ৰচাৰ হয়, তাৰ প্ৰতিও জনসংযোগ বিভাগক বিশেষভাৱে নিৰ্দেশ দিয়া হৈছে।

বৰ্তমান সময়ত প্ৰশাসনৰ এই নিৰ্দেশনাৰ ফলশ্ৰুতিত অঞ্চলটোত জৰীপৰ সকলো চৰকাৰী কাম-কাজ সম্পূৰ্ণৰূপে স্থগিত ৰখা হৈছে। অনাগত দিনত জিলা প্ৰশাসন আৰু দল-সংগঠনসমূহৰ মাজত হ‘বলগীয়া পৰৱৰ্তী আলোচনাৰ ওপৰতেই প্ৰকল্পটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিব বুলি ধাৰণা কৰা হৈছে।