NORTHEAST NOW (Assamese)
অসম

২১ মে’ৰ পৰা আৰম্ভ বিধানসভাৰ প্ৰথমখন অধিৱেশন : কোন হ’ব বিৰোধীৰ দলপতি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 20, 2026 9:04 am

অহা ২১ মে’ৰ পৰা নৱগঠিত ১৬ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হ’ব। এই গুৰুত্বপূৰ্ণ অধিৱেশনখন অহা ২৬ মে’লৈকে চলিব বুলি ১৯ মে’ত বিধানসভাৰ সচিব দুলাল পেগুৱে ঘোষণা কৰিছে।

গুৱাহাটীত এক বিবৃত্তি প্ৰদান কৰি সচিবগৰাকীয়ে কয় যে অসমৰ ৰাজ্যপালৰ আহ্বান ক্ৰমে এই অধিৱেশন আহ্বান কৰা হৈছে। বৰ্তমান সময়ত বিধানসভাৰ প্ৰক্ৰিয়াগত কাম-কাজ, বিধায়কসকলৰ বহাৰ ব্যৱস্থা আৰু বিভিন্ন বিধানসভা সমিতি গঠনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।

সচিব দুলাল পেগুৱে জানিবলৈ দিয়া মতে, ২০২৬ চনৰ ২১ মে’ৰ পৰা ২৬ মে’লৈকে হ’বলগীয়া ১৬ সংখ্যক বিধানসভাৰ এই প্ৰথম অধিৱেশনৰ বাবে সকলো যাৱতীয় প্ৰক্ৰিয়া বৰ্তমান চলাই থকা হৈছে। এই সময়ছোৱাত নতুনকৈ গঠন হ’বলগীয়া সমিতি আৰু আসনৰ পৰিকল্পনাসমূহ চূড়ান্ত কৰা হ’ব।

আনহাতে, এইবাৰ বিধানসভাত বিৰোধী দলপতিৰ আনুষ্ঠানিক স্বীকৃতি লাভৰ বিষয়টোক লৈও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে সচিবগৰাকীয়ে। তেওঁ কয় যে বিৰোধী দলৰ নেতাগৰাকীয়ে আনুষ্ঠানিক স্বীকৃতি পাবনে নাই, সেয়া সম্পূৰ্ণৰূপে সদনত বিৰোধী দলৰ সদস্য সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব। এই সন্দৰ্ভত শেষ সিদ্ধান্ত বিধানসভাৰ অধ্যক্ষই গ্ৰহণ কৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।