NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

চীনত গোপন প্ৰশিক্ষণ লৈ ইউক্ৰেইন যুদ্ধত অৱতীৰ্ণ ৰাছিয়াৰ সেনা : তথ্য পোহৰলৈ অহাৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত উত্তপ্ত পৰিস্থিতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 20, 2026 2:12 pm

যোৱা বছৰৰ শেষৰ ফালে প্ৰায় ২০০ জন ৰাছিয়াৰ সেনাক গোপনে প্ৰশিক্ষণ দিছিল চীনৰ সশস্ত্ৰ বাহিনীয়ে। প্ৰশিক্ষণ শেষ হোৱাৰ পিছত তেওঁলোকৰ বহুতেই ইউক্ৰেইনলৈ উভতি গৈ যুদ্ধত অংশগ্ৰহণ কৰিছে। তিনিটা ইউৰোপীয় চোৰাংচোৱা সংস্থা আৰু সংবাদ মাধ্যম ৰয়টাৰ্ছৰ হাতত পৰা নথিপত্ৰৰ পৰা এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।

২০২২ চনত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰাৰ পিছৰে পৰা চীন আৰু ৰাছিয়াই কেইবাখনো যৌথ সামৰিক অনুশীনল অনুষ্ঠিত কৰিছে। বেইজিঙে বাৰে বাৰে দাবী কৰি আহিছে যে এই সংঘাতত তেওঁলোকে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে আৰু নিজকে মধ্যস্থতাকাৰী হিচাপেহে তুলি ধৰিছে। পিছে প্ৰকৃত ছবিখন সম্পূৰ্ণ বেলেগ। মূলত ড্ৰোন ব্যৱহাৰৰ ওপৰত আয়োজিত এই গোপন প্ৰশিক্ষণৰ কথা এখন ৰাছিয়া-চীন চুক্তিত উল্লেখ আছে। ২০২৫ চনৰ ২ জুলাইত বেইজিঙত দুয়োখন দেশৰ জ্যেষ্ঠ বিষয়াসকলে দুটা ভাষাত লিখা এই চুক্তিত স্বাক্ষৰ কৰিছিল।

এই চুক্তিত উল্লেখ কৰা হৈছিল যে বেইজিং আৰু পূবৰ চহৰ নানজিংসহ বিভিন্ন সামৰিক ঘাটিত প্ৰায় ২০০ জন ৰাছিয়াৰ সেনাক প্ৰশিক্ষণ দিয়া হ’ব। সূত্ৰই জনোৱা মতে, চুক্তিৰ পিছত প্ৰায় সমপৰিমাণৰ ৰাছিয়াৰ সেনাই চীনত প্ৰশিক্ষণ লৈছিল আৰু চীনৰ সেনায়ো ৰাছিয়াৰ সামৰিক ঘাটিসমূহত প্ৰশিক্ষণ ল’ব বুলি চুক্তিত কোৱা হৈছিল। এজন চোৰাংচোৱা বিষয়াই জানিবলৈ দিয়া মতে, ৰাছিয়াৰ সামৰিক সদস্যসকলে এই প্ৰশিক্ষণ পোৱাৰ পিছত পোনে পোনে ইউক্ৰেইন যুদ্ধত অংশগ্ৰহণ কৰিছে। ইয়াৰ অৰ্থ হ’ল পূৰ্বতে যিমান ভবা হৈছিল, তাতকৈ বহুত বেছি মাত্ৰাত এই যুদ্ধত চীন জড়িত হৈ আছে।

এই সন্দৰ্ভত ৰাছিয়া আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। অৱশ্যে চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ইউক্ৰেইন সংকটত চীনে সদায় নিৰপেক্ষ স্থিতি বজাই ৰাখিছে আৰু শান্তি আলোচনা আগবঢ়াই নিবলৈ কাম কৰিছে। ইফালে, ইউৰোপীয় দেশসমূহে ৰাছিয়াক এক বৃহৎ নিৰাপত্তাজনিত ভাবুকি হিচাপে গণ্য কৰে। সেয়েহে তেওঁলোকে ৰাছিয়া আৰু চীনৰ বৰ্ধিত ঘনিষ্ঠতাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে। ইউক্ৰেইন যুদ্ধৰ বাবে পশ্চিমীয়া বিশ্বই যেতিয়া ৰাছিয়াক এঘৰীয়া কৰিবলৈ চেষ্টা কৰিছিল, সেই সময়ত চীনে তেওঁলোকৰ পৰা তেল, গেছ আৰু কয়লা ক্ৰয় কৰি মস্কোক অৰ্থনৈতিকভাৱে টিকি থকাত সহায় কৰিছিল।

ইউক্ৰেইন যুদ্ধত ড্ৰোন এক অতি গুৰুত্বপূৰ্ণ অস্ত্ৰ হিচাপে পৰিগণিত হৈছে। দুয়োপক্ষই বহু দূৰত থকা লক্ষ্যস্থানত আঘাত হানিবলৈ দূৰপাল্লাৰ ড্ৰোন ব্যৱহাৰ কৰিছে। প্ৰশিক্ষণ চুক্তি অনুসৰি, ৰাছিয়াৰ সেনাক ড্ৰোন, ইলেক্ট্ৰনিক যুদ্ধ, আৰু আন সামৰিক কৌশলৰ প্ৰশিক্ষণ দিয়াৰ কথা আছিল। চুক্তিত এই ভ্ৰমণৰ বিষয়ে কোনো সংবাদ মাধ্যমত প্ৰচাৰ কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল আৰু তৃতীয় পক্ষক জনাব নোৱাৰিব বুলিও উল্লেখ আছিল। চোৰাংচোৱা সংস্থাই জনোৱা মতে, চীনৰ বিশাল ড্ৰোন উদ্যোগৰ কাৰিকৰী জ্ঞান আৰু ফ্লাইট চিমিউলেটৰৰ দৰে উন্নত প্ৰশিক্ষণ পদ্ধতি ৰাছিয়াৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছিল। চীনে বিগত কেইবাদশকত কোনো ডাঙৰ যুদ্ধত অংশ লোৱা নাই যদিও তেওঁলোকৰ সামৰিক সক্ষমতা যথেষ্ট বৃদ্ধি পাইছে।

ৰয়টাৰ্ছৰ হাতত পৰা ৰাছিয়াৰ আভ্যন্তৰীণ সামৰিক প্ৰতিবেদনত ৰাছিয়াৰ সেনাৰ চাৰিটা প্ৰশিক্ষণ সত্ৰৰ বৰ্ণনা দিয়া হৈছে। ২০২৫ চনৰ ডিচেম্বৰৰ এক প্ৰতিবেদনত প্ৰায় ৫০ জন ৰাছিয়াৰ সেনাৰ সমন্বিত যুদ্ধকৌশল প্ৰশিক্ষণৰ কথা কোৱা হৈছে, য’ত ড্ৰোন ব্যৱহাৰ কৰি লক্ষ্য নিৰ্ধাৰণ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছিল। আন এটা প্ৰতিবেদনত আকাশ প্ৰতিৰক্ষা, কাউণ্টাৰ-ড্ৰোন ব্যৱহাৰ, আৰু ইলেক্ট্ৰনিক ৱাৰফেয়াৰ ৰাইফলৰ প্ৰশিক্ষণৰ কথা উল্লেখ আছে, যিবোৰ ইউক্ৰেইন যুদ্ধৰ বাবে অতি প্ৰাসংগিক। ইয়াৰ উপৰিও ফ্লাইট চিমিউলেটৰৰ ব্যৱহাৰ, মাইন নিৰ্মাণ আৰু নিষ্ক্ৰিয় কৰাৰ দৰে বিষয়ো এই প্ৰশিক্ষণত অন্তৰ্ভুক্ত আছিল বুলি প্ৰতিবেদনসমূহত প্ৰকাশ পাইছে।