মাত্ৰ ৩ ৰাণৰ বাবে আই পি এলৰ দ্ৰুততম শতকৰ পৰা বঞ্চিত বৈভৱ সূৰ্যবংশী, ২৯ বলত ৯৭ ৰাণৰ চমকপ্ৰদ ইনিংছ

বুধবাৰে নিশা অনুষ্ঠিত আই পি এল ২০২৬ৰ এলিমিনেটৰ মেচত ৰাজস্থান ৰয়েলছৰ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে এক বিধ্বংসী ইনিংছ উপহাৰ দিয়ে। মাত্ৰ ২৯ বলত ৯৭ ৰাণ সংগ্ৰহ কৰি তেওঁ আই পি এলৰ ইতিহাসৰ দ্ৰুততম শতক অৰ্জন কৰাৰ দিশে দ্ৰুতগতিত আগবাঢ়িছিল। কিন্তু দুৰ্ভাগ্যৱশত মাত্ৰ ৩ ৰাণৰ বাবে তেওঁ এই বিৰল অভিলেখৰ পৰা বঞ্চিত হয় আৰু ক্ৰন্দনৰত অৱস্থাত পেভিলিয়নলৈ উভতিব লগা হয়।
নিউ চণ্ডীগড়ৰ (মুল্লানপুৰ) মহাৰাজা যাদৱিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত এই ৰোমাঞ্চকৰ খেলখন অনুষ্ঠিত হৈছে। দহ অভাৰৰ অন্তত ৰাজস্থানৰ স্ক’ৰ হৈছে এক উইকেটৰ বিনিময়ত ১৩৬ ৰাণ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলাৰ প্ৰফুল হিঙে অৱশেষত বৈভৱৰ এই ইনিংছৰ অন্ত পেলাই হায়দৰাবাদ শিবিৰক কিছু সকাহ দিয়ে। অৱশ্যে বৈভৱ আউট হ’লেও খেলখনত এই মুহূৰ্তলৈকে ৰাজস্থানৰ স্থিতি যথেষ্ট শক্তিশালী হৈ আছে আৰু তেওঁলোকে মেচখনত নিজৰ আধিপত্য বজাই ৰাখিছে।
এই এলিমিনেটৰ মেচখন দুয়োটা দলৰ বাবেই অতি গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ জৰিয়তে দুয়োটা দলে নিজৰ দ্বিতীয়টো আই পি এল খিতাপ জয়ৰ আশা সজীৱ কৰি ৰাখিব বিচাৰিছে। আজিৰ এই মেচত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ আশাত অহা ২৯ মে’ তাৰিখে কোৱালিফায়াৰ ২ মেচত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।