NORTHEAST NOW (Assamese)
Popular Stories

ভণ্ড ধৰ্মগুৰুৰ ৰূপত আইআইটিৰ প্ৰাক্তন ছাত্ৰ, যুৱতীক যৌন শোষণ আৰু ব্লেকমেইল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 3, 2026 4:15 pm

ধৰ্মগুৰুৰ ভেশ ধৰি মহিলাক যৌন শোষণ আৰু ব্লেকমেইল কৰাৰ অভিযোগত আৰক্ষীয়ে এজন ২৯ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে। আটাইতকৈ আচৰিত কথাটো হ’ল যে এই অভিযুক্ত যুৱকজন কোনো সাধাৰণ লোক নহয়, তেওঁ দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আইআইটি ৰুৰকীৰ এগৰাকী মেকানিকেল ইঞ্জিনীয়াৰিং স্নাতক। ধৃত যুৱকজনৰ প্ৰকৃত নাম অভিষেক মিশ্ৰ আৰু তেওঁ ওড়িশাৰ বাসিন্দা বুলি জনা গৈছে। ছ’চিয়েল মিডিয়াত তেওঁ নিজক আদিকৰ্তা নাৰায়ণ দাস বুলি পৰিচয় দি এক আধ্যাত্মিক গুৰু হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু সৰল লোকসকলক প্ৰতাৰণা কৰিছিল।

অভিযোগ অনুসৰি অভিষেক মিশ্ৰই ধৰ্মগুৰুৰ নামত ভণ্ডামি কৰি বহু মহিলাক যৌন উৎপীড়ন চলাইছিল। কেৱল সিমানেই নহয়, তেওঁ এই কু কৰ্মৰ বিভিন্ন আপত্তিজনক আলোকচিত্ৰ আৰু ভিডিঅ’ সংগ্ৰহ কৰি ভুক্তভোগী মহিলা আৰু তেওঁলোকৰ পৰিয়ালক ব্লেকমেইল কৰিছিল। যোৱা ২৫ মে’ত ছত্তীশগড়ৰ এগৰাকী ২২ বছৰীয়া বিএছচি নাৰ্চিং পাঠ্যক্ৰমৰ ছাত্ৰীয়ে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত চলাই অভিযুক্ত অভিষেকক গ্ৰেপ্তাৰ কৰে। বৰ্তমান আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাটোৰ গভীৰ তদন্ত আৰম্ভ কৰিছে।