NORTHEAST NOW (Assamese)
অসম

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2026 2:26 pm

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। কাংপোকপি জিলাত সংঘটিত হৈছে সতেজ হিংসা। শুকুৰবাৰে পুৱাই তিনিজন সাধাৰণ নাগৰিকৰ মৃত্যুক লৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। এই হিংসাত্মক ঘটনাত কেইবাটাও ঘৰৰ ক্ষতিসাধন হয়। এই সংঘৰ্ষই পুনৰবাৰ ৰাজ্যৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

পুৱা প্ৰায় ৪:১০ বজাত সংঘটিত হয় এই ঘটনা। অঞ্চলটোত বন্দুকৰ গুলীৰ খবৰ পোৱা গৈছে। অৱশ্যে এই সংঘৰ্ষত কোন কোন জড়িত আছিল সেয়া এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

মৃত তিনিজন হৈছে মাংলুন হাওকিপৰ পুত্ৰ লেটখংগাম হাওকিপ, তেওঁৰ পত্নী তিনিমাৰী হাওকিপ আৰু ছেইখোহাও হাওকিপৰ পুত্ৰ জংমিনলাল হাওকিপ। স্থানীয় ৰাইজে জনোৱা মতে, নিহত লোকসকল একেখন গাঁৱৰ বাসিন্দা। কাংপোকপি জিলাৰ নিউ কেইথেলমানবি অঞ্চলৰ লয়বাল খুলেন গাঁৱত সংঘটিত হয় এই ঘটনা।

বাসিন্দাসকলে লগতে কয় যে হিংসাত্মক পৰিস্থিতিৰ সময়ত কুকি সম্প্ৰদায়ৰ লোকৰ কেইবাটাও ঘৰত অগ্নিসংযোগ কৰা হয়। স্থানীয় প্ৰাথমিক প্ৰতিবেদনত কমেও তিনিটা ঘৰ জ্বলি যোৱাৰ ইংগিত পোৱা গৈছিল। অৱশ্যে কুকি জনগোষ্ঠীৰ এটা বিশিষ্ট নাগৰিক সমাজৰ সংগঠন কুকি ইনপি মণিপুৰ (KIM)-এ এক বিবৃতিত দাবী কৰিছে যে ৭টা ঘৰ জ্বলাই দিয়া হৈছে। অসামৰিক লোকৰ সা-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হয়।

ইয়াৰ বিবৃতিত কিমে অভিযোগ কৰে যে এই আক্ৰমণৰ বাবে নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালিম-ইছাক মুইভা (এন এছ চি এন-আই এম) আৰু জেলিয়াংগ্ৰং ইউনাইটেড ফ্ৰণ্টৰ এটা অংশ (ZUF-K)ৰ সশস্ত্ৰ কেডাৰ দায়ী। সংগঠনটোৱে এই ঘটনাক সাধাৰণ নাগৰিকৰ ওপৰত কৰা আক্ৰমণ বুলি অভিহিত কৰে। এই হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে। অৱশ্যে অভিযোগৰ সত্যাসত্য নিৰূপণ হোৱা নাই।

এই ঘটনাক মানৱ অধিকাৰৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰি কিমে উত্তৰৰ দাবী জনায়। ইয়াৰ জৰিয়তে কৰ্তৃপক্ষক দোষীৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সংগঠনটোৱে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ইয়াত এই আক্ৰমণত ঘৰ-দুৱাৰ আৰু সম্পত্তি হেৰুৱাই পেলোৱা বাসিন্দাসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰা হৈছে।

কিমে ভাৰত চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহক এই কাণ্ডৰ সম্যক তদন্ত কৰিবলৈ, জড়িতসকলক চিনাক্ত কৰিবলৈ, অঞ্চলটোৰ দুৰ্বল গাঁওসমূহত নিৰাপত্তা সুদৃঢ় কৰিবলৈ আহ্বান জনায়।

এই হিংসাত্মক ঘটনাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত নিৰীক্ষণ বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত এতিয়াও বিতং বিবৃতি প্ৰকাশ কৰা নাই বিষয়াসকলে। তদন্ত অব্যাহত আছে। কৰ্তৃপক্ষই পৰিস্থিতিৰ চৰজমিন মূল্যায়ন কৰাৰ পিছত অধিক সবিশেষ উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।