NORTHEAST NOW (Assamese)
Popular Stories

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 6, 2026 11:21 am

শনিবাৰে পুৱা দিল্লী আৰক্ষীয়ে চ’ছিয়েল মিডিয়া প্লেটফৰ্ম ‘কক্ৰোচ জনতা পাৰ্টি’ক নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অনুমতি প্ৰদান কৰে। নিট (NEET) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এই অনলাইন প্লেটফৰ্মটোৱে প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছিল।

ইয়াৰ পূৰ্বে শুকুৰবাৰে ‘কক্ৰোচ জনতা পাৰ্টি’ৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে প্ৰতিবাদৰ নেতৃত্ব দিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আহি দিল্লীত উপস্থিত হয়। দিল্লী আৰক্ষীৰ বিষয়াসকলে তেওঁক বিমান বন্দৰতে সাক্ষাৎ কৰি প্ৰতিবাদৰ বাবে যন্তৰ মন্তৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে। বিমান বন্দৰৰ পৰা ওলাই অহাৰ সময়ত দিপকে সমাজ সংস্কাৰক তথা সংবিধানৰ খনিকৰ বি. আৰ. আম্বেদকাৰৰ আত্মজীৱনীৰ এখন প্ৰতিলিপি হাতত লৈ অহা পৰিলক্ষিত হয়। প্ৰথমে দিপকে প্ৰতিবাদৰ অনুমতি বিচাৰি তেওঁৰ সমৰ্থকসকলক সংসদ মাৰ্গ আৰক্ষী থানাত সমৱেত হ’বলৈ আহ্বান জনাইছিল যদিও আৰক্ষীৰ পৰা সন্মতি লাভ কৰাৰ পিছত তেওঁ সমৰ্থকসকলক পোনে পোনে যন্তৰ মন্তৰলৈ যাবলৈ অনুৰোধ জনায়।

প্ৰতিবাদস্থলীত বিতৰণ কৰা এখন প্ৰচাৰ পত্ৰিকাত উল্লেখ কৰা অনুসৰি, এই প্ৰতিবাদৰ মূল লক্ষ্য হৈছে জবাবদিহিতা নিশ্চিত কৰা, ন্যায় বিচৰা আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰা। পত্ৰিকাখনত লগতে প্ৰকাশ কৰা হয় যে শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি দলটোৱে দাখিল কৰা আবেদনত ইতিমধ্যে আঠ লাখতকৈ অধিক লোকে স্বাক্ষৰ কৰিছে।

উল্লেখ্য যে যোৱা ১৬ মে’ তাৰিখে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ ‘পৰজীৱী’ আৰু ‘কক্ৰোচ’ (পঁইতাচোৰা) সম্পৰ্কীয় মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছতে অভিজিৎ দিপকে ‘কক্ৰোচ জনতা পাৰ্টি’ নামৰ এই ব্যংগাত্মক ডিজিটেল মঞ্চখন মুকলি কৰিছিল। মুকলি কৰাৰ কেইঘণ্টামানৰ ভিতৰতে এই মঞ্চখনে ইণ্টাৰনেটত ব্যাপক চৰ্চা লাভ কৰাৰ লগতে বিভিন্ন চ’ছিয়েল মিডিয়া প্লেটফৰ্মত ইয়াৰ অনুগামীৰ সংখ্যাই নিযুতৰ ঘৰ অতিক্ৰম কৰে।

প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় দিল্লীৰ প্ৰতিবাদস্থলী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত প্ৰায় দুহেজাৰ আৰক্ষী জোৱান মোতায়েন কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে।