NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 13, 2026 6:42 pm

ৰাজ্যত পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ। চলিত বৰ্ষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে চাৰিজন লোকৰ মৃত্যু হৈছে। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা এই ৰোগত আক্ৰান্ত ৰোগীৰ খবৰ অহাৰ সময়তে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জানিবলৈ দিয়া মতে, যোৱা এপ্ৰিল মাহৰ পৰা এতিয়ালৈকে মুঠ ১১ জন জাপানীজ এনকেফেলাইটিছ ৰোগী চিকিৎসালয়খনত ভৰ্তি হৈছে।

অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰলৈকে চিকিৎসালয়খনত চাৰিজন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। বৰ্তমান দুজন শিশু আৰু দুজন প্ৰাপ্তবয়স্ককে ধৰি মুঠ চাৰিজন ৰোগী চিকিৎসাধীন হৈ আছে। এই ৰোগীসকলৰ চিকিৎসাৰ বাবে চিকিৎসালয়খনৰ চৰ্যা কক্ষত প্ৰাপ্তবয়স্ক ৰোগীৰ বাবে এটা সুকীয়া ৱাৰ্ড স্থাপন কৰা হৈছে আৰু শিশু দুগৰাকীৰ চিকিৎসা শিশু ৰোগ বিভাগত চলি আছে।

চলিত বৰ্ষত চিকিৎসালয়খনত ভৰ্তি হোৱা ৰোগীসকলৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত কামৰূপ জিলাৰ। ডাঃ শৰ্মাই উল্লেখ কৰা অনুসৰি ১১ জন ৰোগীৰ ভিতৰত ৬ জনেই কামৰূপ গ্ৰাম্য জিলাৰ, বিশেষকৈ ছয়গাঁও, জ্যোতিখুচি আৰু মিৰ্জা অঞ্চলৰ। ইয়াৰ উপৰি দৰং, মঙলদৈ আৰু মৰিগাঁৱৰ পৰাও একোগৰাকীকৈ ৰোগী চিকিৎসালয়খনলৈ আহিছে।

কামৰূপ মহানগৰ জিলাৰ পৰা চলিত বৰ্ষত কেৱল এজন ৰোগী চিকিৎসাধীন হৈছিল আৰু পানীখাইতীৰ গান্ধীনগৰৰ নিবাসী নৰ বাহাদুৰ ছেত্ৰী নামৰ এই ৰোগীগৰাকীৰ শুকুৰবাৰে নিশা মৃত্যু ঘটে।

ৰোগী গৰাকীৰ মৃত্যুৰ পাছতে চন্দ্ৰপুৰ-পানীখাইতী অঞ্চলত তীব্ৰ শংকাৰ সৃষ্টি হৈছে আৰু স্থানীয় ৰাইজে মহৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি অভিযোগ কৰিছে। অঞ্চলটোৰ এজন স্থানীয় বাসিন্দাই প্ৰকাশ কৰা মতে, ৰোগী ধৰা পৰাৰ পাছত কেৱল এবাৰহে ফগিং কৰা হৈছিল আৰু তাৰ পাছত প্ৰশাসনে কোনো পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা নাই। স্থানীয় ৰাইজে সেয়েহে স্পৰ্শকাতৰ অঞ্চলসমূহত মহ নিয়ন্ত্ৰণৰ ব্যৱস্থা তীব্ৰতৰ কৰিবলৈ দাবী জনাইছে।

জাপানীজ এনকেফেলাইটিছৰ সমান্তৰালভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান ২৩ ৰ পৰা ২৪ জন ৰোগী একিউট এনকেফেলাইটিছ ছীন্দ্ৰমত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি চিকিত্সালয় কৰ্তৃপক্ষই জনাইছে। উল্লেখ্য যে, কিউলেক্স মহৰ দ্বাৰা সংক্ৰমিত হোৱা জাপানীজ এনকেফেলাইটিছ ভাইৰাছে মগজুৰ প্ৰদাহৰ সৃষ্টি কৰে আৰু শিশু তথা ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকৰ বাবে ই মাৰাত্মক হব পাৰে।