বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

মধ্যপ্ৰাচ্যত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে চলিত সপ্তাহতে আমেৰিকা আৰু ইৰানৰ মাজত এখন প্ৰাৰম্ভিক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি অনুসৰি শুকুৰবাৰে চুইজাৰলেণ্ডত দুয়োখন দেশৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু শেষ মুহূৰ্তত আমেৰিকাই এই বৈঠক বাতিল কৰাৰ সিদ্ধান্ত লয়। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভেন্সে স্পষ্ট কৰি দিয়ে যে তেওঁ এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ চুইজাৰলেণ্ড ভ্ৰমণ নকৰে আৰু পৰৱৰ্তী সময়ত এক নতুন দিন ধাৰ্য কৰি ইৰানৰ সৈতে আলোচনাত বহা হ’ব। এই বৈঠক বাতিল হোৱাৰ আঁৰত ইজৰাইলৰ সামৰিক পদক্ষেপেই মূল কাৰণ বুলি ধাৰণা কৰা হৈছে।
দীৰ্ঘদিন ধৰি চলি থকা আমেৰিকা আৰু ইৰানৰ সংঘাতৰ অৱসান ঘটাবলৈ স্বাক্ষৰিত হোৱা এই বুজাবুজি চুক্তিৰ এক প্ৰধান চৰ্ত আছিল যে আমেৰিকা বা ইজৰাইলে লেবাননৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ চলাব নোৱাৰিব। কিন্তু এই চৰ্তক সম্পূৰ্ণৰূপে উপেক্ষা কৰি ইজৰাইলৰ সেনাই বৃহস্পতিবাৰে নিশা লেবাননৰ ভূমিত তীব্ৰ বিমান আক্ৰমণ চলায়। ইজৰাইলে শুকুৰবাৰে এই আক্ৰমণৰ কথা স্বীকাৰ কৰি কয় যে তেওঁলোকৰ বায়ুসেনাই দক্ষিণ লেবাননৰ কেইবাটাও ঘাটিত নিশা ধাৰাবাহিক বোমা বৰ্ষণ কৰিছে। এই আক্ৰমণৰ ফলত প্ৰায় ১৬ জন লোকৰ মৃত্যু হৈছে। ইজৰাইলে লগতে কয় যে উত্তৰ ইজৰাইলত হিজবুল্লাহৰ ধাৰাবাহিক আক্ৰমণৰ প্ৰত্যুত্তৰতহে তেওঁলোকে এই পদক্ষেপ লৈছে, য’ত তেওঁলোকৰ চাৰিজন সৈনিকৰ মৃত্যু হৈছিল। তেওঁলোকে লেবাননত এই সামৰিক অভিযান অব্যাহত ৰাখিব বুলিও স্পষ্ট কৰি দিছে।
এই অপ্ৰত্যাশিত আক্ৰমণৰ বাবেই অতি কষ্টৰে আৰম্ভ হোৱা শান্তি প্ৰক্ৰিয়া শেষ মুহূৰ্তত স্তব্ধ হৈ পৰে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভেন্সে শুকুৰবাৰে পুৱা এক বিবৃতি যোগে কয় যে বৰ্তমানৰ পৰিস্থিতিৰ বাবে তেওঁ চুইজাৰলেণ্ড ভ্ৰমণ পিছুৱাই দিছে যদিও ইৰানৰ সৈতে শান্তিৰ আলোচনা সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। দুয়োখন দেশে অতি সোনকালে নতুন দিন ঠিক কৰি পুনৰ আলোচনাত বহিব। উল্লেখযোগ্য যে এই চুক্তিত মুঠ ১৪ টা গুৰুত্বপূৰ্ণ চৰ্ত আছিল, যাৰ মুখ্য উদ্দেশ্য আছিল ইৰান আৰু লেবানন সহ সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান ঘটোৱা। আমেৰিকাৰ তৰফৰ পৰা ইজৰাইলক লেবানন বিষয়ত অধিক দায়িত্বশীল হ’বলৈ সকীয়াই দিয়া হৈছিল যদিও বৰ্তমানৰ পৰিস্থিতিয়ে শান্তি চুক্তিখনৰ ভৱিষ্যতক লৈ ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে।