NORTHEAST NOW (Assamese)
Popular Stories

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2026 3:51 pm

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ সাংসদ বিপ্লৱ কুমাৰ দেৱ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে। প্ৰথম পত্নীৰ সৈতে ইতিমধ্যে তেওঁৰ বিবাহ বিচ্ছেদ ঘটিছিল আৰু তাৰ পিছৰে পৰা তেওঁ অকলশৰীয়াকৈ আছিল। সম্পূৰ্ণৰূপে ৰাজনৈতিক কৰ্মসূচীত ব্যস্ত থকা বিপ্লৱ দেৱক তেওঁৰ মাতৃয়ে বাৰে বাৰে পুনৰ সংসাৰ এখন আৰম্ভ কৰি স্থিৰ হ’বলৈ অনুৰোধ কৰিছিল। অৱশেষত মাতৃৰ সেই বিশেষ অনুৰোধ ৰক্ষা কৰিয়েই তেওঁ জীৱনৰ দ্বিতীয়টো ইনিংছ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। অহা ২৪ জুনত ত্ৰিপুৰাৰ এখন তাৰকাযুক্ত হোটেলত তেওঁলোকৰ এই বিবাহৰ প্ৰীতিভোজৰ বৃহৎ আয়োজন কৰা হৈছে।

Biplab-Dev-2

জানিব পৰা মতে, বিপ্লৱ দেৱৰ হ’বলগীয়া দ্বিতীয়গৰাকী পত্নী হায়দৰাবাদৰ বাসিন্দা। ইয়াৰ পূৰ্বে দিল্লীত থকাৰ সময়তে প্ৰথমগৰাকী পত্নী নীতিৰ সৈতে তেওঁৰ চিনাকি হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰথম পক্ষৰ সংসাৰত বিপ্লৱ দেৱৰ দুটি সন্তান আছে। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে। তাৰ পিছৰে পৰা তেওঁ কেৱল ৰাজনীতিৰ সৈতে নিজক ব্যস্ত ৰাখিছিল। ২০১৬ চনত ত্ৰিপুৰা বিজেপিৰ সভাপতি হোৱাৰ পিছত ২০১৮ চনত তেওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হৈছিল আৰু ২০২২ চনলৈকে এই পদত আছিল। ইয়াৰ পিছত দলীয় সিদ্ধান্ত মৰ্মে তেওঁ ৰাজ্যসভা আৰু পৰৱৰ্তী সময়ত ২০২৪ চনত লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়।

পশ্চিমবংগৰ নিৰ্বাচনতো দলৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা ত্ৰিপুৰাৰ এইগৰাকী ভূমিপুত্ৰই নিজৰ ব্যস্ত ৰাজনৈতিক জীৱনৰ মাজতো পৰিয়ালৰ ইচ্ছা ৰক্ষা কৰি এই নতুন খোজ পেলাইছে। দীৰ্ঘদিন ধৰি অকলশৰীয়া জীৱন কটোৱাৰ পিছত ত্ৰিপুৰাৰ এইগৰাকী প্ৰভাৱশালী নেতাই পুনৰ বৈবাহিক জীৱনত প্ৰৱেশ কৰাক লৈ এতিয়া সমগ্ৰ ৰাজনৈতিক মহলৰ লগতে সৰ্বসাধাৰণৰ মাজতো ব্যাপক চৰ্চা চলিছে। ২৪ জুনৰ এই বিশেষ মাংগলিক অনুষ্ঠানটোলৈ বহুতো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হ’ব বুলি জানিব পৰা গৈছে।