NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

পশ্চিম ত্ৰিপুৰাত কিডনি নোহোৱা অৱস্থাত উদ্ধাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ

Posted by: পিনাকী দাস June 27, 2018 9:55 am
kidney-tripurta-266x200

পশ্চিম ত্ৰিপুৰা জিলাৰ চিমনা সীমান্ত অঞ্চলত সংঘটিত হৈছে এক অবিশ্বসনীয় ঘটনা। অঞ্চলটোত মঙলবাৰে সন্ধিয়া এজন ল’ৰাৰ দুয়োটা কিডনি অন্তৰ্ধান হোৱা অৱস্থাত ক্ষত-বিক্ষত ৰূপত মৃতদেহ উদ্ধাৰ হোৱা কাৰ্যই স্বাভাৱিকতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।

মৃত ল’ৰাজন চিধাই আৰক্ষী থানাৰ অন্তৰ্গত বিলেৰপাৰা অঞ্চলৰ ভূমিহীন ক’লনিৰ বাসিন্দা পূৰ্ণ বিশ্বাস বুলি চিনাক্ত কৰা হৈছে।

ভূমিহীন ক’লনি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ পূৰ্ণ মঙলবাৰৰ দুপৰীয়াৰ পৰা হঠাৎ নিৰুদ্দিষ্ট হয়। আৰু ইয়াৰ পাছতে লগে লগে পৰিয়ালৰ লোক আৰু স্থানীয় লোকে পূৰ্ণক বিচাৰি কাষৰীয়া অঞ্চলসমূহত যাওঁতে অৱশেষত ৰবৰৰ বাগিচা এখনত পূৰ্ণৰ মৃতদেহ উদ্ধাৰ হয়।

দেহৰ অংগ অন্তৰ্ধান অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহ দেখি হতভম্ব হোৱা অঞ্চলবাসীয়ে আৰক্ষীক খবৰ দিয়ে যদিও দুঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত ক্ষুভিত অঞ্চলবাসীয়ে বৰ্বৰতাৰে আৰক্ষীক আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ বাহন ভাঙি চূৰ-মাৰ কৰে।

স্থানীয় অঞ্চলবাসীৰ ক্ষোভৰ বলি হোৱা চিমনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত সেনৰ লগতে উপস্থিত থকা আৰক্ষীৰ বহুতো লোক বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তী কৰোৱা হয়।

এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল এটা উপস্থিত হয় যদিও এতিয়াও অঞ্চলটোত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে এজন চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক হত্যা কৰি দেহৰ অংগ কাটি লৈ যোৱা কাৰ্যই সচাঁকৈয়ে অবিশ্বসনীয়। আৰু এই ঘটনাৰ আঁৰত মানৱ দেহৰ চোৰাং অংগ ব্যৱসায়ী যে জড়িত হৈ আছে সেয়া খাটাং বুলি অভিহিত কৰিছে স্থানীয় লোকে।