NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিল ২০১৬ ৰ বিৰোধিতা আলফাৰ

Posted by: এন ই নাও নিউজ December 16, 2017 10:01 pm

আলোচনাপন্থী আলফাই আজি এটা স্পষ্ট স্থিতি প্ৰদৰ্শন কৰি কয় যে তেওঁলোক নাগৰিক সংশোধনী বিধেয়কৰ বিৰোধী। ‘আমি অসমৰ জনসাধাৰণৰ সৈতে আছো। আৰু আমি নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন নকৰো।’ এইদৰে স্পষ্ট ভাষাৰে কয় আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই। অৰবিন্দ ৰাজখোৱা আৰু তেওঁৰ সতীৰ্থসকলে আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত তেওঁলোকৰ স্থিতি বেকত কৰে। আলফাৰ প্ৰতিনিধিকেইজনে কেন্দ্ৰৰ মধ্যস্থতাকাৰী দীনেশ্বৰ শৰ্মাৰ সৈতে যোৱা শুকুৰবাৰে আলোচনাত ভাগ ল’বলৈ নতুন দিল্লীলৈ গৈছিল। সাংবাদিকৰ আগত তেওঁলোকে কয় যে তেওঁলোকৰ দাবীৰ অলপো সলনি নহয়। তেওঁলোকৰ দাবীবোৰৰ ভিতৰত আছে, অসমক ইয়াৰ সম্পদৰ ওপৰত অধিক অধিকাৰ প্ৰদান কৰিবৰ বাবে সংবিধান সংশোধন, ৰাজহ উৎপাদন, পৰিকল্পনা প্ৰক্ৰিয়াত অংশ গ্ৰহণ, এক নিৰাপদ জনগাঁথনিৰ পৰিৱেশ, ভাৰসাম্যপূৰ্ণ বিকাশ নিশ্চিত কৰা। আলফা নেতা কেইজনে কোৱা মতে তেওঁলোকে ২০১৯ চনৰ পূৰ্বেই শান্তি চুক্তি স্বাক্ষৰ হোৱাটো আশা কৰি আছে। তেওঁলোকে আলোচনা সঠিক দিশত যোৱা বুলিও কয়। সভাপতি অৰবিন্দ ৰাজখোৱাই কয় যে তেওঁলোকে অসমৰ সকলো লোকে কৰাৰ দৰেই নাগা চুক্তিৰ কিছুমান দিশৰ বিৰোধিতা কৰে। শনিবাৰৰ সংবাদমেলখনত সভাপতি ৰাজখোৱাৰ লগতে অনুপ চেতিয়া, মিথিংগা দৈমাৰী আৰু প্ৰদীপ গগৈও আছিল।