NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 27, 2026 12:24 pm

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলা এক বৃহৎ বিদ্ৰোহ বিৰোধী অভিযানত অসম আৰক্ষীয়ে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ জাগুনত নিষিদ্ধ আলফা-স্বাধীনৰ দুজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰি সম্ভাৱ্য ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰা বুলি দাবী কৰে।

বিষয়াসকলে অভিযোগ কৰে যে এই যুটিটোক তিনিচুকীয়া চহৰত সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ সংঘটিত কৰি ভয় বিয়পাই অঞ্চলটো অস্থিৰ কৰি তোলাৰ দায়িত্ব দিয়া হৈছিল।

কেন্দ্ৰীয় নিৰাপত্তা সংস্থাৰ সহযোগত তিনিচুকীয়া আৰক্ষীয়ে নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত এই অভিযান চলায়।

ধৃত উগ্ৰপন্থী দুজন তিনিচুকীয়া জিলাৰ পানীতোলাৰ এছ এছ ২য় লেফটেনেণ্ট ছিঞৰ অসম ওৰফে হুমেনজ্যোতি বৰুৱা (২৭) আৰু বাঘজানৰ এছ এছ ২য় লেফটেনেণ্ট মনোজ অসম ওৰফে পাপু মৰাণ (৩০) বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে দুটা এ কে-৫৬ এছল্ট ৰাইফল, ১৭২ ৰাউণ্ড এ কে ছিৰিজৰ গোলাবাৰুদ, দুটা হেণ্ড গ্ৰেনেড, বেকপেক, মেডিচিন কিট, চিৰিঞ্জ, অপিঅ’ইডকে ধৰি বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু জংঘলৰ মাজত দীৰ্ঘদিন ধৰি বৰ্তি থকাৰ বাবে নিৰ্ধাৰিত খাদ্যসামগ্ৰী উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

এটা চৰকাৰী প্ৰেছ টোকা অনুসৰি প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে তিনিচুকীয়াত নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰিবলৈকে আলফা (স্বাধীন)য়ে কেডাৰ দুজনক নিযুক্তি দিছিল।

তদন্তকাৰীয়ে লগতে ধাৰণা কৰে যে এই ঘটনা প্ৰবাহে অঞ্চলটোত অস্থিৰতা সৃষ্টি কৰিব বিচৰা বাহ্যিক শক্তিৰ হাত আছে।

তিনিচুকীয়া জিলাই অৰুণাচল প্ৰদেশলৈ যোৱা আন্তঃৰাজ্যিক কৰিড’ৰ আৰু ম্যানমাৰ সীমান্তৰ উগ্ৰপন্থী শিবিৰ আৰু আত্মগোপন স্থানৰ সৈতে বিদ্ৰোহীৰ ট্ৰেনজিট পথৰ লগত সংযোগ নিৰাপত্তা সংস্থাসমূহে পূৰ্বে বিচাৰি পাইছিল।

এই কঠিন বনাঞ্চল আৰু পাহাৰীয়া কৰিড’ৰসমূহে নিৰাপত্তা বাহিনীৰ তীব্ৰ চোৰাংচোৱাগিৰিৰ পিছতো দীৰ্ঘদিন ধৰি অভিযানত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে।

তদন্তকাৰীয়ে এতিয়া সন্দেহযুক্তৰ কাৰ্যকৰী নেটৱৰ্ক, অস্ত্ৰ-শস্ত্ৰৰ উৎস, তেওঁলোকৰ চলাচলৰ পথ আৰু ৰচদ-পাতিৰ (লজিষ্টিক) সহায়ৰ তদন্ত কৰি আছে।

আৰক্ষীয়ে এই অভিযানক এক বিধ্বংসী আক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা বুলি অভিহিত কৰিছে।