NORTHEAST NOW (Assamese)
Popular Stories

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 27, 2026 1:28 pm

অসমৰ প্ৰাণৰ শিল্পী, কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীত মানুহৰ মুখে মুখে। তেওঁ অসমীয়াৰ উপৰিও বাংলা, হিন্দীকে ধৰি বিভিন্ন ভাষাত অজস্ৰ গান গাইছে। এইবাৰ প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই টলিউডত নিৰ্মাণ হ’বলৈ ওলাইছে মিউজিকেল ড্ৰামা ‘লাভ ইউ জুবিন দা’। এক সুকীয়া আৱেগিক কাহিনীৰে বাংলা চিনেমাত নিৰ্মাণ হ’ব এই নতুন মিউজিকেল ড্ৰামা।

কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ অকৃত্ৰিম শ্ৰদ্ধা, মৰম আৰু তেওঁৰ সংগীতৰ প্ৰভাৱক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনৰ কাহিনী, সংগীত আৰু পৰিচালনাৰ দায়িত্বত আছে শ্ৰী প্ৰীতম। ছবিখনৰ প্ৰযোজক হৈছে এম ডি ফাৰুক উদ্দিন। গ্ৰীবছ মিডিয়া এণ্ড প্ৰডাকচন প্ৰাইভেট লিমিটেড আৰু বৰ্ষা মুভিজৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখন গান, আৱেগ, সপোন আৰু সংগ্ৰামৰ এক অনন্য সমাহাৰ।

‘লাভ ইউ জুবিন দা’ কাহিনীৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে বিশাল। সৰুৰে পৰাই জুবিন গাৰ্গ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা। বহু চেষ্টাৰ পিছতো তেওঁ নিজৰ মৰমৰ শিল্পীক লগ পোৱাৰ সুযোগ নাপায়। ঠিক যেতিয়া তেওঁ কঠোৰ পৰিশ্ৰম আৰু অদম্য ইচ্ছাশক্তিৰ জৰিয়তে সফলতাৰ অতি ওচৰ চাপি আহে, তেতিয়াই তেওঁৰ জীৱনলৈ এক অভাৱনীয় সংকট নামি আহে। এফালে শৈশৱৰ সপোন পূৰণৰ হেঁপাহ, আনফালে জীৱনৰ কঠোৰ বাস্তৱ – এই সংঘাতৰ মাজেৰেই চিনেমাখনৰ কাহিনী আগবাঢ়িছে। শেষত এটা আচৰিত আৰু ৰহস্যময় টুইষ্টে দৰ্শকৰ সন্মুখত গভীৰ আৱেগিক কাহিনী উপস্থাপন কৰিব।

এই ছবিখনৰ অন্যতম বিশেষ আকৰ্ষণ হৈছে জুবিন গাৰ্গৰ দুটা মুক্তি নোপোৱা গান, যিটো এই ছবিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে দৰ্শকৰ সন্মুখলৈ আহিব। এই গান দুটাই ছবিখনৰ আৱেগক সমৃদ্ধ কৰাৰ লগতে দৰ্শকৰ বাবে এক বিশেষ প্ৰাপ্তি হিচাপে পৰিগণিত হ’ব বুলি নিৰ্মাতাসকলে ধাৰণা কৰিছে।

পৰিচালক তথা সংগীত পৰিচালক শ্ৰী প্ৰীতমে কয়, ‘’২০১১ চনৰ পৰা জুবিনদাৰ সৈতে সংগীত পৰিচালক হিচাপে টলিউডত বহু গান কৰাৰ সৌভাগ্য হৈছে। তেওঁৰ সৈতে কাম কৰি থাকোঁতে তেওঁক অতি ঘনিষ্ঠভাৱে চিনি পোৱাৰ সুযোগ পাইছিলোঁ। সেই মৰম আৰু সন্মানৰ পৰাই এই ছবিখনৰ ধাৰণাটো আহিছিল। প্ৰযোজক এম ডি ফাৰুক উদ্দিনক কাহিনীটো কোৱাৰ পিছত লগে লগে তেওঁ ছবিখন নিৰ্মাণৰ সিদ্ধান্ত লয়।তাৰ পিছত, গৰিমা দীৰ পৰা প্ৰয়োজনীয় অনুমতি পোৱাৰ পিছত কাম আৰম্ভ হ’ল। জুবিনদাৰ দুটা মুক্তি নোহোৱা গান এই ছবিখনৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ। গোটেই ছবিখনৰ জৰিয়তে মই তেওঁক আন্তৰিক শ্ৰদ্ধা জনোৱাৰ চেষ্টা কৰিছো। এই ছবি মোৰ জীৱনৰ এক সোণালী অধ্যায়।‘’

এই ছবিৰ জৰিয়তে বৰ্ষা সেনগুপ্তাই নায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ কয়, শ্ৰী প্ৰীতমৰ জৰিয়তে জুবিনদাৰ লগত মোৰ পৰিচয় হৈছিল। তেওঁৰ মৰম, ভালপোৱা আৰু আমি একেলগে কটোৱা মুহূৰ্তবোৰ মোৰ বাবে আজিও অত্যন্ত মূল্যৱান। এই ছবিখনৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি চিত্ৰনাট্য লিখালৈকে প্ৰতিটো স্তৰ মই প্ৰত্যক্ষ কৰি আহিছো। এই ছবিখনত নায়িকা হিচাপে অভিনয় কৰাৰ সুযোগ পাই মই অতিশয় আনন্দিত। একে সময়তে দায়িত্বও বহুত বাঢ়িছে। গৰিমাদীৰ পৰাও বহুত শুভেচ্ছা আৰু মৰম পাইছো।মই দৰ্শকৰ বাবে মোৰ শ্ৰেষ্ঠখিনি দিবলৈ আগ্ৰহী।”

ছবিখনৰ নায়ক ইকবাল ৰহিমীয়ে কয়, “জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ লাখ লাখ মানুহৰ বাবে প্ৰেৰণা। তেওঁৰ নামৰ সৈতে অগণন মানুহৰ আৱেগ জড়িত হৈ আছে।এনে ছবিৰ অংশ হ’বলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ। এই চৰিত্ৰটোৰ বাবে মই মোৰ সকলোখিনি দিছো। আশা কৰোঁ আমাৰ এই প্ৰচেষ্টাই দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব।”

‘লাভ ইউ জুবিন দা’ ছবিখনত প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা যাব বৰ্ষা সেনগুপ্ত আৰু ইকবাল ৰহিমীক। পৰণ বেনাৰ্জী, গীতাৱলী ৰাজকুমাৰী, অভিজিত গুহ, পাৰ্থপ্ৰতীম গোস্বামী, ভায়োলিনা, সৌৰভ চেটাৰ্জী আৰু মধুমিতা গুপ্তাইও গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে। প্ৰসংগক্ৰমে এই ছবিখনৰ পোষ্টাৰ  গুৱাহাটীত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ উপস্থিতিত মুকলি কৰা হ’ব।