NORTHEAST NOW (Assamese)
Popular Stories

সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 27, 2026 8:59 pm

যোৱা শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত দেশৰ হকে প্ৰাণ আহুতি দিয়া ছগৰাকী সেনা জোৱানৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পাছতেই শনিবাৰে বিৰোধী দলসমূহে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিৰুদ্ধে সংসদত মিছা কথা কোৱা আৰু সমগ্ৰ দেশবাসীক বিভ্ৰান্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰায় এবছৰ পূৰ্বে সংসদত দাবী কৰিছিল যে এই সামৰিক অভিযানৰ সময়ত কোনো সেনা জোৱানৰ ক্ষতি হোৱা নাছিল, কিন্তু এতিয়া ছহিদৰ নাম প্ৰকাশ পোৱাৰ লগে লগে চৰকাৰৰ এই পৰস্পৰবিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সূচনা হৈছে।

কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে অপাৰেচন হিন্দুৰত ছহিদ হোৱা ছগৰাকী জোৱানৰ নাম ৰাষ্ট্ৰীয় সমৰ স্মাৰকৰ ‘ৰ’ল অৱ অনাৰ’ত খোদিত কৰে। এই বীৰ ছহিদসকলৰ ভিতৰত আছে ভাৰতীয় সেনাবাহিনীৰ চুবেদাৰ মেজৰ পৱন কুমাৰ, ৰাইফলমেন সুনীল কুমাৰ (বীৰ চক্ৰ), লেন্স নায়ক দীনেশ কুমাৰ, অগ্নিবীৰ মুড মুৰলীনাইক, হাৱিলদাৰ সুনীল কুমাৰ সিং আৰু ভাৰতীয় বায়ুসেনাৰ ছাৰ্জেণ্ট সুৰেন্দ্ৰ কুমাৰ। ২০২২ চনৰ ২২ এপ্ৰিলত পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত মে’ মাহত পাকিস্তানৰ সৈতে হোৱা চাৰিদিনীয়া যুদ্ধৰ সময়ত এই জোৱানসকল ছহিদ হৈছিল আৰু এইটোৱেই হৈছে তেওঁলোকৰ পৰিচয় সন্দৰ্ভত চৰকাৰৰ প্ৰথমটো আনুষ্ঠানিক প্ৰকাশ।

চৰকাৰৰ এই পদক্ষেপৰ পাছতেই আম আদমি পাৰ্টীয়ে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সংসদৰ ভাষণৰ এটি ভিডিঅ’ প্ৰকাশ কৰি কয় যে শ্বহীদৰ কফিনক লৈ কেলেংকাৰী কৰা বিজেপিয়ে অপাৰেচন সিন্দুৰৰ ক্ষয়-ক্ষতিৰ বিষয়ে ৰাইজক বিপথে পৰিচালিত কৰিছে। আপে লগতে দাবী কৰে যে এই তথ্য পোহৰলৈ অহাৰ লগে লগে প্ৰমাণিত হ’ল যে বিজেপি সেনা জোৱান বা ভগৱান ৰাম, কাৰোৰে নহয়। একেদৰে, বিজেডিৰ সাংসদ সুলতা দেৱেও কেন্দ্ৰৰ এই কাৰ্যত গভীৰ আশ্চৰ্য প্ৰকাশ কৰি কয় যে যোৱা বছৰ সংসদৰ অধিৱেশন চলি থকাৰ সময়ত অপাৰেচন সিন্দুৰৰ বিষয়ে বিশদ আলোচনা হৈছিল যদিও কাকো এই মৃত্যুৰ বিষয়ে জনোৱা হোৱা নাছিল। এনে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ নকৰি চৰকাৰে কি লুকুৱাবলৈ বিচাৰিছিল সেয়া তেওঁৰ বোধগম্য নহয় বুলি উল্লেখ কৰি দেৱে কয় যে যিসকল ছহিদ হয় তেওঁলোকে আৰু তেওঁলোকৰ পৰিয়ালে উচিত সন্মান পোৱাটো প্ৰাপ্য।

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সাগৰিকা ঘোষে সমগ্ৰ বিষয়টোক “অত্যন্ত গুৰুতৰ” বুলি অভিহিত কৰি প্ৰশ্ন কৰে যে যদি ছগৰাকী জোৱান ছহিদ হৈছিল, তেন্তে প্ৰতিৰক্ষা মন্ত্ৰীয়ে সংসদত কেনেকৈ ক’ব পাৰে যে কোনো জোৱানৰ ক্ষতি হোৱা নাই। তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰে যে সংসদ, ছহিদৰ পৰিয়াল আৰু সমগ্ৰ ভাৰতবৰ্ষই সত্যটো জনাৰ অধিকাৰী। আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই এই অমিলৰ দুটা সম্ভাৱ্য কাৰণ আঙুলিয়াই দি কয় যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে হয়তো সংসদত ভাষণ দিয়াৰ সময়ত এই ছগৰাকী ছহিদৰ বিষয়ে নাজানিছিল, যিয়ে তেওঁৰ নিজৰ মন্ত্ৰালয়ৰ বিষয়ে থকা জ্ঞানক লৈ প্ৰশ্নবোধক সৃষ্টি কৰে, নতুবা তেওঁ তথ্যসমূহ জানিও ইচ্ছাকৃতভাৱে সেয়া লুকুৱাবলৈ আৰু প্ৰকাশ নকৰিবলৈ চেষ্টা কৰিছিল।

কংগ্ৰেছ নেতা খেৰাই লগতে কয় যে যিয়েই সঁচা নহওক কিয়, আমাৰ ছগৰাকী সাহসী জোৱানে কৰ্তব্যৰ খাতিৰত সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিলে কিন্তু তেওঁলোকৰ এই ত্যাগ লুকুৱাই ৰখা হ’ল, তেওঁলোকক প্ৰাপ্য সন্মান আৰু স্বীকৃতিৰ পৰা বঞ্চিত কৰা হ’ল আৰু তেওঁলোকৰ পৰিয়ালক স্বচ্ছতাৰ পৰা বঞ্চিত কৰা হ’ল। বৰ্তমান বিৰোধী শিবিৰে এই স্পৰ্শকাতৰ বিষয়টোক লৈ চৰকাৰৰ পৰা স্পষ্ট উত্তৰ দাবী কৰাৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰীৰ স্থিতি স্পষ্ট কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে।