NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ অৱহেলা : মাৰ্ঘেৰিটাত পথৰ ওপৰেৰে নাও চলাই প্ৰতিবাদ যুৱ-ছাত্ৰ পৰিষদৰ

Posted by: মানস প্ৰতিম গগৈ June 27, 2018 6:30 pm
যুৱ-ছাত্ৰৰ প্ৰতিবাদ

পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ বাঘজৰী হাত লৈ অসমবাসীক উন্নয়নৰ ন ন স্বপ্ন দেখুওৱা বিজেপি নেতৃত্বাধীন ৰাজ্যৰ শাসনাধিষ্ঠিত মিত্ৰজোঁট চৰকাৰখনৰ গড়কাপ্টানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চূড়ান্ত অকমৰ্ণ্যতাৰ বাবে বিধ্বস্ত ৰূপ ধাৰণ কৰি মৰণফান্দত পৰিণত হোৱা মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত চৰকাৰী অৱহেলাৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। বৰগোলাই অঞ্চলৰ স্থানীয় শ শ ৰাইজে পৃথকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ কলিয়ৰী অঞ্চলত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চব বৰাৰ নেতৃত্বত পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সদস্য সকলে এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

IMG-20180627-WA0061
৩৮ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত বৰগোলাইত স্থানীয় ৰাইজৰ পথ অৱৰোধ। ফটোঃ- মানস প্ৰতিম গগৈ

প্ৰতিবাদকাৰী সকলে টিৰাপ কলয়ৰীৰ বৃহৎ পুখৰী সদৃশ গাঁ‌তৰ ওপৰত নাঁও  চলোৱাৰ লগতে নাঁ‌ৱত গড়কাপ্টানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বেশভূষা পিন্ধি ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা পৰিদৰ্শনৰ কথোপকথন কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। কথোপকথনত মন্ত্ৰী ড° শৰ্মাক দিচপুৰৰ পৰা মাতি আনি বিধায়ক ভাস্কৰ শৰ্মাই তেওঁ সমষ্টিত নাঁ‌ৱৰে ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰোৱাত মন্ত্ৰী ড° শৰ্মাই সমস্ত দোষ বিধায়ক ভাস্কৰ শৰ্মাৰ ওপৰত জাপি দিয়ে।

ইয়াৰ সমান্তৰলভাৱে যুৱ-ছাত্ৰ পৰিষদে ঘাইপথৰ ওপৰত কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত প্ৰতিবাদ কাৰ্য্যসূচীত পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সলিল নেওগে বিশেষ উদ্যোগ গ্ৰহণ কৰে। যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যসূচীৰ সমান্তৰলভাৱে মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাইত শ-শ ৰাইজে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰে উত্তাল কৰি তোলে ।

অতিকৈ বিধ্বস্ত ৰূপ ধাৰণ কৰা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাৰ চূড়ান্ত অকমৰ্ণ্যতাক ধিক্কাৰ  দি বৰগোলাইবাসীয়ে দুঘণ্টা ধৰি পথটো অৱৰোধ কৰাৰ ফলত আজি বহু সময় ধৰি মাৰ্ঘেৰিটা মহকুমা অচল হৈ পৰে। পিছত প্ৰতিবাদস্থলীত উপস্থিত হোৱা মাৰ্ঘেৰিটা মহকুমাৰ দণ্ডাধীশ ঝৰ্ণা পাটগিৰিৰ জৰিয়তে পথটোৰ শীঘ্ৰে মেৰামতিৰ দাবীৰে  অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

আনহাতে, আজি এই প্ৰতিবাদ চলি থকাৰ সময়তে বিধায়ক ভাস্কৰ শৰ্মা মাৰ্ঘেৰিটাৰ পৰা জাগুন দিশে গৈছিল যদিও ৰাইজৰ ৰোষৰ সন্মুখীন হোৱাৰ ভয়তে আধাবাটৰ পৰা উভতি যাবলৈ বাধ্য হয়। ইপিনে অহা এমাহৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি নকৰিলে অনিদিষ্ট কালীন পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।