NORTHEAST NOW (Assamese)
অসম

জনজাতিকৰণ : ৰাইজক ঠগা বিজেপিক নিৰ্বাচনত দিব উচিত প্ৰত্যুত্তৰ, যুযুধান জনগোষ্ঠীয় ঐক্যমঞ্চ

Posted by: অনিৰ্বাণ পাঠক June 27, 2018 11:09 pm
Six indigenous group (Moran, motok.tai ahom,chutia,kuch rajbonchiand tea tribe) of the State sitting demonstration protest against Citizenship (Amendment) Bill, 2016 at Guwahati on 27-06-18.pix by ub photos

অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধান নহ’লে বিজেপিয়ে ২০১৯ চনৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ পাব। জনজাতিকৰণৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতিৰে নিৰ্বাচন জিকাৰ পিছত বিজেপিয়ে দিয়া ৰামঠগন আৰু নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসমৰ ৬টা জনগোষ্ঠীয় সংগঠনৰ উমৈহতীয়া মঞ্চ জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰতিবাদী ধৰ্মঘটত আজি ২৭ জুনত এই মন্তব্য কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটুল বুঢ়াগোঁহায়ে।

‘২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ বিষয়টো সমাধান নহ’লে বিজেপিয়ে উচিত প্ৰত্যুত্তৰ পাব,’ সকীয়নি আটাছু সভাপতিজনৰ।

ৰাইজক ঠগি বিজেপিয়ে চৰকাৰ গঠন কৰা বুলিও বৰগোহাঁয়ে মত প্ৰকাশ কৰে। ‘মুখাপিন্ধাসকলে ৰাইজক ঠগি কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ গঠন কৰিছে। ২০১৪ চনত সৰ্বানন্দ সোণোৱালে জনজাতিকৰণৰ বিষয়টো লৈ তীব্ৰতৰ ভূমিকা লৈছিল,’ মন্তব্য বৰগোহাঁইৰ।

বিজেপিৰ অন্যতম নিৰ্বাচনী প্ৰতিশ্ৰুতি অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ শ্ল’গান দিয়েই তেওঁলোক শাসনলৈ আহিল বুলি উল্লেখ কৰি বৰগোহাঁয়ে কয় ‘কিন্তু গাদী লাভৰ পাছত জনজাতিকৰণক লৈ তেওঁলোকে পিঠি দিলে’।

তাৰোপৰি কংগ্ৰেছেও বছৰ বছৰ ধৰি জনজাতিকৰণৰ ভুৱা প্ৰতিশ্ৰুতি দি অহাক লৈও দুয়োটা দলকে তেওঁ সমালোচনা কৰে। ‘আগন্তুক নিৰ্বাচনত নিৰ্বাচনী ইস্তাহাৰত জনজাতিকৰণৰ বিষয়টো অন্তৰ্ভুক্ত নকৰিব,’ কংগ্ৰেছ-বিজেপিলৈ সকিয়নী আটাছু নেতাজনৰ।

আনহাতে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হেতালি খেলি নথাকিবলৈ সকীয়াই দিয়ে।

জনজাতিকৰণৰ দাবীত ধাৰাৱাহিক আন্দোলন অব্যাহত থাকিব বুলি জানিবলৈ দি মৰাণে জনাই যে ১৭ জুলাইত তিনিচুকীয়াত আৰু ২১ জুলাইত ডিব্ৰুগড়ত জনগোষ্ঠীয় ঐক্য মঞ্চৰ উদ্যোগত গণ সমাৱেশ অনুষ্ঠিত হোৱাৰ উপৰি ২৩ আৰু ২৪ জুলাইত মঞ্চই ৪৮ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰা বুলিও জানিবলৈ দিয়ে।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰে কয়, ‘বিজেপিৰ জনজাতিকৰণৰ বিষয়টোত কোনো সদিচ্ছাই নাই। ইচ্যুটোক তেওঁলোকে এটা ৰাজনৈতিক ইচ্যু হিচাপে জীয়াই ৰখাৰ চেষ্টা কৰিছে’।

গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত মৰ্মে জনজাতিকৰণৰ বিষয়টো পৰ্যালোচনাৰ বাবে মডেলিটি সমিতি গঠন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় ‘মডেলিটি সমিতিয়ে তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও আজিপৰ্যন্ত দাখিল নকৰিলে। ইয়ে চৰকাৰৰ বিষয়টোৰ প্ৰতি আন্তৰিকতাহীনতাৰ কথা প্ৰমাণ কৰে।’

ইপিনে কিছুদিন পূৰ্বে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত কৰা মন্তব্য ‘দুৰ্ভাগ্যজনক’ৰূপে অভিহিত কৰি চুতীয়া যুৱ সন্মিলন, অসমৰ সাধাৰণ সম্পাদক নৃপেন খনিকৰে কয় যে নতুন দিল্লীত ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ওৰাম নিজেই উপস্থিত আছিল।

স্বগোষ্ঠীৰ জনজাতিকৰণ দাবী কৰা অসমৰ ছটা জনগোষ্ঠীয় সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ সন্মিলন, সদৌ টাই আহোম ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিশতাধিক সদস্যই আজিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে।